উত্তৰাখণ্ডৰ আলমোৰা জিলাৰ এক অতি দুৰ্গম পথত মঙলবাৰে পুৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰে শোকৰ ছাঁ পেলাইছে। ভিখিয়াসৈনৰ পৰা ৰামনগৰ অভিমুখে গৈ থকা এখন ব্যক্তিগত যাত্ৰীবাহী বাছ বিনায়ক অঞ্চলত নিয়ন্ত্ৰণ হেৰুৱাই এক দ খাৱৈত বাগৰি পৰে। দুৰ্ঘটনাটোৰ সময়ত বাছখনত প্ৰায় ১৭-১৮ গৰাকী যাত্ৰী আছিল বুলি জানিব পৰা গৈছে।
ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু স্থানীয় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। আলমোৰাৰ আৰক্ষী অধীক্ষক দেৱেন্দ্ৰ পিঞ্চাই জনোৱা মতে, এই দুৰ্ঘটনাত ৬-৭ গৰাকী লোকৰ থিতাতে মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। আনহাতে, গুৰুতৰভাৱে আহত যাত্ৰীসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি ভিখিয়াসৈন চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উদ্ধাৰকাৰী দলসমূহে বৰ্তমানো ভাগি পৰা বাছখনৰ ভিতৰত আৱদ্ধ হৈ থকা যাত্ৰীসকলক উলিয়াই আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয় সামাজিক মাধ্যমৰ জৰিয়তে এই ঘটনাক অত্যন্ত বেদনাদায়ক আৰু হৃদয়বিদাৰক বুলি অভিহিত কৰে। তেওঁ কয় যে সমগ্ৰ পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰি থকা হৈছে আৰু আহতসকলক উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তেওঁ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনায়।
আৰক্ষীৰ সূত্ৰই জনোৱা মতে, পাহাৰীয়া পথটোৰ দুৰ্গমতাৰ বাবে উদ্ধাৰ অভিযানত কিছু অসুবিধাৰ সৃষ্টি হৈছে যদিও স্থানীয় প্ৰশাসনৰ সহযোগত কাম চলাই থকা হৈছে। দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই আৰু তদন্তৰ পাছতহে সবিশেষ জানিব পৰা যাব।
