উন্নাও ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত কুলদীপ সিং চেংগাৰৰ যাৱজ্জীৱন কাৰাদণ্ড স্থগিত ৰখাৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চেংগাৰৰ কন্যা ঐশ্বৰ্য চেংগাৰে। উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তই তেওঁৰ পৰিয়ালৰ বাবে ন্যায়ৰ পথ বন্ধ কৰি দিয়া বুলি তেওঁ অভিযোগ উত্থাপন কৰে। সংবাদ মাধ্যমৰ আগত দিয়া এক ভাষ্যত ঐশ্বৰ্যই কয় যে তেওঁলোকক নিজৰ পক্ষ ৰখাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে।
ঐশ্বৰ্য চেংগাৰে দাবী কৰা অনুসৰি, ভুক্তভোগীৰ পৰিয়ালৰ সৈতে তেওঁলোকৰ এক পুৰণি শত্ৰুতা আছিল আৰু সেই শত্ৰুতাৰ বাবেই তেওঁৰ পিতৃক এই গোচৰত লক্ষ্য কৰি লোৱা হৈছে। তেওঁ অভিযোগ কৰে যে ভুক্তভোগীৰ খুৰাক এজন দুৰ্ধৰ্ষ অপৰাধী আৰু তেওঁৰ বিৰুদ্ধে ইতিমধ্যে ১৭ টা গোচৰ ৰুজু হৈ আছে। তেওঁ লগতে সংবাদ মাধ্যমক প্ৰশ্ন কৰে যে ভুক্তভোগীয়ে পূৰ্বেও আন ব্যক্তিৰ বিৰুদ্ধে গোচৰ তৰিছিল আৰু তাৰ দুমাহৰ পাছতহে পৰিকল্পিতভাৱে তেওঁৰ পিতৃৰ নাম ধৰ্ষণ কাণ্ডত সাঙুৰি দিছিল।
পিতৃৰ নিৰ্দোষিতাৰ কথা দোহাৰি ঐশ্বৰ্যই আৱেগিক হৈ কয় যে যদিহে তেওঁৰ পিতৃয়ে ভুক্তভোগী যুৱতীগৰাকীৰ ফালে কেতিয়াবা কু-দৃষ্টিৰে চাইছিল, তেন্তে তেওঁক ফাঁচী দিয়া উচিত। তেওঁ উল্লেখ কৰে যে এই সমগ্ৰ প্ৰক্ৰিয়াটোত তেওঁলোকৰ পৰিয়ালৰ মান-মৰ্যাদা আৰু শান্তি সম্পূৰ্ণৰূপে শেষ হৈ গৈছে। ন্যায়ৰ প্ৰতি আজিও আশা থকা বুলি উল্লেখ কৰি তেওঁ সংবাদ মাধ্যমক ভুক্তভোগীৰ ওচৰত তেওঁৰ পিতৃৰ বিৰুদ্ধে থকা প্ৰমাণৰ বিষয়ে প্ৰশ্ন কৰিবলৈ আহ্বান জনায়।
