এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ উদ্যোগত মালিগাঁৱত ক্ৰিকেট প্ৰতিযোগিতাৰ সামৰণি

উত্তৰ পূব সীমান্ত ৰেলৱেৰ অগ্ৰণী ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ হেড কোৱাৰ্টাৰ শাখাৰ উদ্যোগত মালিগাওঁস্থিত ৰেলৱে ষ্টেডিয়ামত ২৪ ডিচেম্বৰৰ পৰা অনুষ্ঠিত সীমিত অভাৰৰ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ আজি সামৰণি পৰে। প্ৰতিযোগিতাত মুঠ ২২ টা দলে যোগদান কৰে। আনহাতে আজি চূড়ান্ত খেলখন ইঞ্জিনিয়াৰিং আৰু ইলেকট্ৰিক পাৱাৰ হাউছ দলৰ মাজত অনুষ্ঠিত হয়।

খেলখনত ইলেকট্ৰিক পাৱাৰ হাউছ দলটো বিজয়ী হয়।।প্ৰতিযোগিতাত মেন অৱ দা ফাইনেল সন্মানৰ লগতে  বেষ্ট বলাৰ অৱ দা টুৰ্ণমেণ্ট সন্মান লাভ কৰে ইলেকট্ৰিক পাৱাৰ হাউছ দলৰ চন্দ্ৰপতি নাথ ডুবেই। তেনেদৰে মেন অৱ দা চিৰিজৰ লগতে বেষ্ট বেটছমেন অৱ দা টুৰ্ণমেণ্ট সন্মান লাভ কৰে ইঞ্জিনিয়াৰিং দলৰ আকাশ কুমাৰ চৌধুৰীয়ে।

আনহাতে প্ৰতিযোগিতাৰ অন্তত বিজয়ী আৰু ৰাণাৰ্ছ আপ দলক পুৰস্কাৰ সমুহ বিতৰণ কৰে উত্তৰ পূব সীমান্ত ৰেলৱেৰ অভিযান্ত্ৰিক বিভাগৰ মুখ্য যান্ত্ৰিক অভিযন্তাৰ উপৰিও এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন শইকীয়া  আৰু উত্তৰ পূব সীমান্ত ৰেলৱে ক্ৰীড়া সংস্থাৰ যুটীয়া সাধাৰণ সম্পাদক এম কালিমুথুকে ধৰি কেবাজনো কৰ্মকৰ্তাই।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *