মিজোৰামৰ আইজল চহৰত ২৫ ডিচেম্বৰৰ পুৱা, ৪১ বছৰীয়া চৰ্চিত মহিলা সাংবাদিক এজৰেলা দালিদিয়া ফানাইৰ মৃতদেহ এক ভাড়াতীয়া বাসগৃহৰ পৰা উদ্ধাৰ কৰা হৈছে। ভাণ্ডাৰ পৰা পোৱা এই মৃত্যুৰ ঘটনা ৰাজ্যখনত চাঞ্চল্য সৃষ্টি কৰিছে। ফানাইয়ে যোৱা দুই বছৰে ইণ্ডিয়া টুডে গ্ৰুপৰ সৈতে কাম কৰি আছিল আৰু তেওঁৰ সততা আৰু কৰ্মনিষ্ঠাৰ বাবে জনপ্রিয় আছিল। মাতৃৰ বিয়োগৰ পাছত তেওঁ অকলশৰীয়াকৈ বাস কৰিছিল। বৰদিনৰ উৎসৱৰ মাজতে তেওঁৰ মৃত্যুৰ সংবাদ প্ৰকাশ হৈছে। বৰ্তমানলৈকে মৃত্যুৰ কাৰণ জানিব নপৰাৰ পাছত আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে। তদন্তৰ ফলাফলৰ পিছত মৃত্যু স্বাভাৱিক নে অন্য কোনো কাৰণৰ ফল, সেই বিষয়ে তথ্য় পাওয়া যাব।
সাংবাদিক এজৰেলা দালিদিয়া ফানাইৰ ৰহস্যজনক মৃত্যু, শোকস্তব্ধ মিজোৰামৰ সংবাদ জগত
