বৰদিনৰ উছৱত বাধা দি গ্ৰেপ্তাৰ বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ ৪ সদস্য

ধৰ্মীয় উছৱৰ আনন্দ-উল্লাসৰ মাজতে সমাজত বিশৃংখলা সৃষ্টি কৰিবলৈ চেষ্টা কৰা লোকৰ বিৰুদ্ধে নলবাৰী আৰক্ষীয়ে এক কঠোৰ স্থিতি গ্ৰহণ কৰিছে। বৰদিনৰ উদযাপনত বাধা দিয়া আৰু আতংকৰ সৃষ্টি কৰাৰ অভিযোগত বেলশৰ আৰক্ষীয়ে চাৰিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। অভিযুক্তসকলে নিজকে হিন্দু ধৰ্মৰ ৰক্ষক বুলি পৰিচয় দি বৰদিনৰ সামগ্ৰী ধ্বংস কৰাৰ লগতে উছৱ বন্ধ কৰিবলৈ দাবী জনাইছিল বুলি অভিযোগ উঠিছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোককেইজন হ’ল বিশ্ব হিন্দু পৰিষদৰ নলবাৰী জিলা সম্পাদক ভাস্কৰ ডেকা, উপ-সভাপতি মানস পাটগিৰি, যুটীয়া সম্পাদক বিজু দত্ত আৰু বজৰং দলৰ সমন্বয়ক নয়নমণি তালুকদাৰ। নলবাৰীৰ ঋদ্ধি-সিদ্ধি হোটেলৰ ওচৰৰ পৰা তেওঁলোকক আটক কৰা হয়। অভিযুক্তসকলৰ বিৰুদ্ধে বি এন এছ এছৰ ৩২৯(৩), ৩২৬(এফ), ১৮৯(২) কে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ ধাৰাৰ অধীনত গোচৰ ৰজু কৰা হৈছে। বৰ্তমান বেলশৰ আৰক্ষী থানাত তেওঁলোকক জেৰা চলাই থকা হৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *