কাৰ্বি আৰু আন খিলঞ্জীয়া জনগোষ্ঠীৰ স্বার্থ সুৰক্ষিত কৰকঃ ছাত্ৰ সন্থা

পশ্চিম কাৰ্বি আংলং জিলাত বিগত কিছুদিন ধৰি চলি থকা হিংসাত্মক পৰিস্থিতি সন্দর্ভত সদৌ অসম ছাত্ৰ সন্থাই অসমৰ মুখ্যমন্ত্রীলৈ এখন দাবী পত্ৰ প্ৰেৰণ কৰিছে। দাবী পত্ৰখনত ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক  সমীৰণ ফুকনে পশ্চিম কাৰ্বি আংলং জিলাত বিগত কিছুদিন ধৰি চলি থকা হিংসাত্মক পৰিস্থিতিত উদ্বিগ্নতা প্রকাশ কৰি কয় কাৰ্বি আংলঙৰ সমস্যা সমগ্ৰ অসমৰ সমস্যা, অসমৰ জাতীয় জীৱনৰ সমস্যা। বিগত দশকসমূহত কার্বি আংলং জিলাত অখিলঞ্জীয়া লোকৰ অবাধ আৰু অবৈধ বসতিয়ে জিলাখনৰ কাৰ্বি জনজাতি প্রমুখ্যে সকলো খিলঞ্জীয়া লোকলৈ ভাবুকি কঢ়িয়াই আনিছে।

খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰলৈ ভাবুকি অহাৰ সমান্তৰালভাৱে নিজৰ জন্মভূমিতেই খিলঞ্জীয়া লোকসকল সংখ্যালঘু হোৱাৰ শংকাই গ্রাস কৰিছে। সেয়েহে স্থানীয় খিলঞ্জীয়া জনসাধাৰণে গণতান্ত্রিক আন্দোলনৰ পথ ল’বলৈ বাধ্য হৈছে।শেহতীয়াকৈ পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতিয়ে হিংসাত্মক ৰূপ লৈছে। দুগৰাকীকৈ ব্যক্তিয়ে মৃত্যুবৰণ কৰিছে। আলোচনাৰ মাধ্যমেৰে এই সমস্যা সমাধানৰ বিকল্প নাই। আন্দোলনকাৰীৰ ওপৰত দমন নীতিৰ প্ৰয়োগ গ্রহণযোগ্য নহয়। এটা কথা স্পষ্ট – কাৰ্বি আংলং জিলাত বসবাস কৰা কাৰ্বি জনজাতি আৰু অন্যান্য খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত হ’বই লাগিব। একাংশ অখিলঞ্জীয়া লোকে কার্বি আংলঙতে ‘কার্বি’গ’ বেক’ শ্ল’গান দিছে, কার্বিসকলক ‘চাইনীজ’ বুলি বর্ণবাদী মন্তব্যৰে গালি-গালাজ কৰিছে আৰু আক্ৰমণ কৰিবলৈ উদ্যত হৈছে।

অসমৰ ভূমিত খিলঞ্জীয়া জনসাধাৰণৰ প্ৰতি অখিলঞ্জীয়া অপশক্তিৰ এনে আচৰণ অসহনীয়। অখিলঞ্জীয়াৰ দপদপনি নচলিব। এনে অপশক্তিয়ে শাস্তি পাবই লাগিব। বিষয়টোত ছাত্র সন্থাই মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক হস্তক্ষেপ দাবী কৰিছে। কার্বি-আংলঙত শান্তি-শৃংখলা ঘূৰাই আনিবৰ বাবে ক্ষিপ্ৰ ব্যৱস্থা গ্রহণ কৰিবলৈ আৰু আলোচনাৰ মাধ্যমেৰে সমস্যাটোৰ স্থায়ী সমাধান কৰিবলৈ দাবী জনাইছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *