বাংলাদেশত পুনৰ ৰাজনৈতিক হত্যাকাণ্ডৰ চেষ্টা! গুলীবিদ্ধ ছাত্ৰ নেতা

ইনকিলাব মঞ্চৰ মুখপাত্ৰ উছমান হাদীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ থকা বাংলাদেশত সোমবাৰে পুনৰ সংঘটিত হ’ল আন এক ভয়ংকৰ ৰাজনৈতিক আক্ৰমণৰ ঘটনা। এইবাৰ দুৰ্বৃত্তৰ লক্ষ্য হৈ পৰে ছাত্ৰ নেতৃত্বাধীন নেশ্যনেল চিটিজেন পাৰ্টিৰ জ্যেষ্ঠ নেতা মহম্মদ মুত্তালিব শিকদাৰ। খুলনা জিলাৰ সোনাডাঙা অঞ্চলত অচিনাক্ত বন্দুকধাৰীয়ে অতি ওচৰৰ পৰা শিকদাৰৰ মূৰলৈ লক্ষ্য কৰি গুলীচালনা কৰে। এই আক্ৰমণৰ ঘটনাই ২০২৬ চনৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ পূৰ্বে দেশখনৰ নিৰাপত্তাহীনতাক পুনৰ এবাৰ উদঙাই দিছে।

ইফালে গুলীবিদ্ধ নেতাগৰাকীক সংকটজনক অৱস্থাত খুলনা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হয়। এনচিপিৰ শ্ৰমিক শাখা ‘জাতীয় শ্ৰমিক শক্তি’ৰ খুলনা বিভাগীয় আহ্বায়ক হিচাপে দায়িত্ব পালন কৰি থকা শিকদাৰৰ ওপৰত সেই সময়তে আক্ৰমণ চলে, যেতিয়া তেওঁ এক দলীয় সভাৰ বাবে প্ৰস্তুতি চলাই আছিল। উল্লেখ্য যে, বিগত এটা সপ্তাহত বাংলাদেশত ৰাজনৈতিক হত্যা আৰু আক্ৰমণৰ ধাৰাবাহিক ঘটনা বৃদ্ধি পোৱাত সাধাৰণ জনতাৰ মাজত তীব্ৰ আতংকই বিৰাজ কৰিছে। বিশেষকৈ কট্টৰপন্থী নেতা উছমান হাদীৰ মৃত্যুৰ পাছৰে পৰা দেশখনত প্ৰতিবাদ আৰু হিংসাই চৰম পৰ্যায় পাইছেগৈ।

তদুপৰি এনচিপিৰ একাংশ নেতাই এই আক্ৰমণৰ অন্তৰালত ভাৰতৰ হাত থকা বুলি ভিত্তিহীন অভিযোগ তুলি পৰিৱেশ অধিক বিষাক্ত কৰি তুলিছে। আনকি ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক পৃথক কৰাৰ দৰে আপত্তিজনক ভাবুকিও তেওঁলোকে প্ৰদান কৰিছে। আনফালে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে এনে অপপ্ৰচাৰক পোনচাটেই প্ৰত্যাখ্যান কৰিছে। দিল্লীৰ মতে, বাংলাদেশৰ অন্তৱৰ্তী চৰকাৰে আভ্যন্তৰীণ আইন-শৃংখলা ৰক্ষা কৰি এক শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাটোহে বৰ্তমানৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। বৰ্তমান আৰক্ষীয়ে এই গুলীচালনাৰ ঘটনাৰ তদন্ত চলাইছে যদিও এতিয়ালৈকে কোনো আততায়ীৰ সম্ভেদ পোৱা নাই।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *