বহু বেমাৰৰ প্ৰতিষেধক এইবিধ খাদ্য

দুৰ্বল জীৱনশৈলী, শাৰীৰিক সক্ৰিয়তাৰ অভাৱ আৰু ভুল খাদ্যাভ্যাসৰ বাবেই সম্প্ৰতি অধিকাংশ লোক ৰোগীয়া হৈ পৰিছে। যদি এই স্বাস্থ্য সমস্যাবোৰ সময়মতে সমাধান কৰা নহয়, তেনেহ’লে ডায়েবেটিচ আৰু উচ্চ ৰক্তচাপৰ দৰে সমস্যাৰ সৃষ্টি হয়। এতিয়া জ্যেষ্ঠসকলতো বাদেই, খুব কম বয়সীয়াসকলো উচ্চ ৰক্তচাপত আক্ৰান্ত হৈছে। চিকিৎসকৰ মতে, উচ্চ ৰক্তচাপ হৈছে এক স্থিতি যিয়ে হৃদআক্ৰমণ আৰু ষ্ট্ৰ’কৰ আশংকা বৃদ্ধি কৰে।ইয়াৰ লগতে উচ্চ ৰক্তচাপৰ ফলত আন বহু স্বাস্থ্য সমস্যাই দেখা দিয়ে।কিন্তু আপুনি আপোনাৰ খাদ্যভাষ সলনি কৰিয়েই এই ভয়াৱহ সমস্যাসমূহৰ পৰা হাত সাৰি থাকিব পাৰে।কাবুলি বুট (Kabuli Chickpeas) প্ৰ’টিন, ফাইবার আৰু খনিজ পদাৰ্থেৰে পৰিপূৰ্ণ এক পুষ্টিকৰ খাদ্য, যিয়ে হজম উন্নত কৰে, ওজন নিয়ন্ত্ৰণত সহায় কৰে, ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰে, আৰু হৃদৰোগৰ ঝুঁকি কমায়, যিহেতু ই bad cholesterol (LDL) কম কৰে আৰু শক্তিৰ উৎস হিচাপে কাম কৰে। ই এটা বহুমুখী উপাদান, যি বিভিন্ন তৰহৰ খাদ্য যেনে — চালাড, কাৰী, হুমুছ আদিত ব্যৱহাৰ কৰা হয়। বিশেষজ্ঞসকলৰ মতে, কাবুলি বুটে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত বহু পৰিমাণে সহায় কৰে।আজি কাবুলি বুটৰ গুণাগুণৰ বিষয়ে জানো আহক-উচ্চ প্ৰ’টিন: উদ্ভিদ-ভিত্তিক প্ৰ’টিনৰ এক উৎকৃষ্ট উৎস, যিয়ে শৰীৰৰ শক্তি বঢ়ায়।
উচ্চ ফাইবার: হজম শক্তি উন্নত কৰে, পেট ভৰা অনুভৱ কৰায় আৰু ওজন নিয়ন্ত্ৰণত সহায় কৰে।
খনিজ পদাৰ্থেৰে সমৃদ্ধ: মেংগানিজ, মেগনেছিয়াম, জিংক, আইৰন, আৰু ভিটামিন B6 আদিৰ দৰে অত্যাৱশ্যকীয় খনিজ পদাৰ্থ থাকে।
হৃদৰোগৰ বাবে উপকাৰী: ইয়াৰ দ্ৰবণীয় ফাইবার ‘bad cholesterol’ (LDL) কম কৰে, যাৰ ফলত হৃদৰোগৰ ঝুঁকি কমে।
ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ: তেজৰ শৰ্কৰা স্থিৰ ৰাখিবলৈ সহায় কৰে।
বহুমুখী: চালাড, কারী, হুমুছ, বা ভজা জলপান হিচাপেও খাব পাৰি।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *