ৰাজ্যৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীৰ শিপা উঘালিবলৈ চৰকাৰে গ্ৰহণ কৰা বিশেষ তৎপৰতাৰ মাজতে দেওবাৰে আন এক বৃহৎ সফলতা লাভ কৰে অসম আৰক্ষীয়ে। অসম আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে নগাঁও আৰু কাৰ্বি আংলং জিলাত যুটীয়াভাৱে চলোৱা এক তীব্ৰ অভিযানত মুঠ ১৯ গৰাকী অবৈধ অনুপ্ৰৱেশকাৰীক আটক কৰিবলৈ সক্ষম হয়। ভাৰতীয় ভূখণ্ডত আত্মগোপন কৰি থকা এইসকল লোকক কৰায়ত্ত কৰাৰ পাছতেই চৰকাৰী নিৰ্দেশ মৰ্মে তেওঁলোকক পুনৰ বাংলাদেশলৈ ওভতাই পঠিওৱা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই তথ্য ৰাজহুৱা কৰি স্পষ্ট কৰি দিয়ে যে অবৈধ অনুপ্ৰৱেশকাৰীৰ বাবে অসমত কোনো স্থান নাই।
অসমৰ ভৌগোলিক অখণ্ডতা ৰক্ষাৰ স্বাৰ্থত বৰ্তমান ৰাজ্যখনত প্ৰতি সপ্তাহতে প্ৰায় ৩৫ ৰ পৰা ৪০ জনকৈ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰা এক নিয়মীয়া প্ৰক্ৰিয়াত পৰিণত হৈছে। চুবুৰীয়া দেশখনৰ অস্থিৰ পৰিৱেশৰ সুযোগ লৈ যাতে কোনো সন্দেহযুক্ত লোকে সীমান্ত অতিক্ৰম কৰিব নোৱাৰে, তাৰ বাবে ১৮৮৫ কিলোমিটাৰ জোৰা আন্তঃৰাষ্ট্ৰীয় সীমান্তত পহৰা পূৰ্বতকৈ অধিক বৃদ্ধি কৰা হৈছে। জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক এই ক্ষেত্ৰত অধিক শক্তিশালী কৰিবলৈ চৰকাৰে ১৯৫০ চনৰ বিশেষ আইনৰ অধীনত এক নতুন এছঅ’পি কাৰ্যকৰী কৰাৰো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰে।
নিৰাপত্তাৰ এই অভেদ্য বেষ্টনীৰ মাজত এতিয়া সীমান্তৱৰ্তী জিলাসমূহৰ আৰক্ষী প্ৰশাসনক হাই এলাৰ্টত ৰখা হৈছে। আৰক্ষীৰ শীৰ্ষ সূত্ৰই জানিবলৈ দিয়া মতে, কোনো বৈধ নথিপত্ৰ অবিহনে সন্দেহজনকভাৱে ঘূৰি ফুৰা যিকোনো লোকৰ ওপৰত চৰকাৰীভাৱে কঠোৰ নজৰ ৰখা হৈছে। আইনৰ সুৰুঙা ব্যৱহাৰ কৰি কোনো অনুপ্ৰৱেশকাৰীয়ে যাতে অসমত স্থিতি ল’ব নোৱাৰে, তাৰ বাবে বি এছ এফ আৰু ৰাজ্যিক আৰক্ষীৰ মাজত সমন্বয় অধিক বৃদ্ধি কৰা হৈছে।
