বনতাৰাত মেছি: অনন্ত আম্বানীৰ পৰা লাভ কৰিলে ১০ কোটিটকীয়া মূল্যৰ বিলাসী ঘড়ী

ভাৰত ভ্ৰমণৰ অন্তিম পৰ্যায়ত বিশ্ববিখ্যাত ফুটবলাৰ লিয়’নেল মেছিয়ে অনন্ত আম্বানীৰ বন্যপ্ৰাণী সংৰক্ষণ কেন্দ্ৰ ‘বনতাৰা’ ভ্ৰমণ কৰে। লুইছ চুৱাৰেজ আৰু ৰদৰিগো ডি পলৰ সৈতে উপস্থিত হোৱা মেছিয়ে বনতাৰাত থকা হাতী, বাঘ আৰু সিংহৰ দৰে বন্যপ্ৰাণীসমূহ প্ৰত্যক্ষ কৰে। ভাৰতীয় পৰম্পৰা আৰু সনাতন ধৰ্মৰ প্ৰতি সন্মান জনাই মেছিয়ে এই ভ্ৰমণকালত প্ৰকৃতিৰ আশীৰ্বাদ লয়। আনকি এই কেন্দ্ৰটোৰ এটা সিংহৰ পোৱালিৰ নাম মেছিৰ সন্মানাৰ্থে ‘লিয়’নেল’ ৰখা হৈছে।

অৱশ্যে বৰ্তমান সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মেছিয়ে পৰিধান কৰা এটা বহুমূলীয়া ঘড়ী। চৰ্চা অনুসৰি, অনন্ত আম্বানীয়ে মেছিক ১০ কোটি টকা মূল্যৰ এটা বিৰল ‘ৰিচাৰ্ড মিলে’ ঘড়ী উপহাৰ দিছে। যদিও এই সন্দৰ্ভত কোনো আনুষ্ঠানিক নিশ্চিতকৰণ হোৱা নাই, তথাপিও আম্বানী পৰিয়ালৰ বিলাসিতা আৰু উপহাৰ দিয়াৰ পৰম্পৰাৰ বাবে এই খবৰটোৱে বিশেষ গুৰুত্ব লাভ কৰিছে।

মেছিয়ে ভাৰত ভ্ৰমণৰ এটা সুন্দৰ ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি কয় যে ভাৰতীয় ফুটবল অনুৰাগীসকলৰ মৰম তেওঁ সদায় মনত ৰাখিব। কলকাতা, হাইদৰাবাদ, মুম্বাই আৰু দিল্লী ভ্ৰমণৰ অন্তত বনতাৰাত এই ঐতিহাসিক ভ্ৰমণৰ সমাপ্তি ঘটে। মেছিয়ে আশা প্ৰকাশ কৰে যে অনাগত দিনত ভাৰতত ফুটবলৰ অধিক প্ৰসাৰ আৰু উন্নতি হ’ব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *