হঠাৎ এনে বিপদ আহিব বুলি কোনেও কল্পনাও কৰিব পৰা নাছিল…

হঠাৎ এনে বিপদ আহিব বুলি কোনেও কল্পনাও কৰিব পৰা নাছিল। তেওঁ ভাবিছিল যে ফুটবল তাৰকা লিয়নেল মেছিৰ সৈতে পুত্ৰৰ ফটো তুলি ছ’চিয়েল মিডিয়াক দিব। ফটোখন তুলিলে যদিও বিপদত পৰিল।পুনৰ বিপদত পৰিছে বলীউডৰ অভিনেত্ৰী শিল্পা শ্বেট্টী।অভিনেত্ৰীগৰাকীয়ে ভাবিছিল ফুটবল তাৰকা লিয়নেল মেছিৰ সৈতে পুত্ৰৰ ফটো তুলি ছ’চিয়েল মিডিয়া দিলে সেয়া ভাইৰেল হৈ পৰিব। ফটোখন তুলিছিল ঠিকেই, কিন্তু ধুমুহা সৃষ্টি হোৱাৰ পূৰ্বেই তেওঁ বিপদত পৰে। আচলতে এই ঘটনাৰ লগত মেছিৰ কোনো সম্পৰ্ক নাই। শিল্পা বিপদত পৰিছে বেংগালুৰুৰ এখন ৰেষ্টুৰেণ্টত।শিল্পা আৰু তেওঁৰ ব্যৱসায়ী স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ৬০ কোটি টকা প্ৰতাৰণা কৰাৰ অভিযোগ আছে। দৰাচলতে দুয়োৰে বিৰুদ্ধে লুকাউট চাৰ্কুলাৰ জাৰি কৰা হৈছিল। শিল্পাই আইনী সমস্যাত পৰা আজি বহু বছৰ হ’ল। এতিয়া বেংগালুৰুৰ বেষ্টিয়ন ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে।কৰ্ণাটক চৰকাৰে ৰেষ্টুৰেণ্ট আৰু পাব খোলা আৰু বন্ধ কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰিছে। কিন্তু ১১ ডিচেম্বৰত এই ৰেষ্টুৰেণ্টখনত মাজ নিশালৈ পাৰ্টি চলি থকাৰ বাবে হোটেল কৰ্তৃপক্ষই বিপদত পৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *