কাইলৈ আবুধাবিত আই পি এলৰ মিনি নিলাম

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ৰ নিলামলৈ মাত্ৰ এদিন বাকী। ১৬ ডিচেম্বৰত আবুধাবিত অনুষ্ঠিত হ’বলগীয়া এই মিনি নিলামত ১০টা দলে নিজৰ দুৰ্বলতা দূৰ কৰিবলৈ শক্তিশালী খেলুৱৈ আহৰণ কৰিব বিচৰিব।  ২০২৬ চনৰ মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ হোৱা আই পি এল ছিজনৰ বাবে মুঠ ২৩৭.৫৫ কোটি টকা ব্যয় কৰিব পাৰিব, য’ত ৭৭টা শ্লট উপলব্ধ।

কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত সৰ্বাধিক ৬৪.৩ কোটি টকা আছে। বৃহৎ পৰিমাণৰ ধনেৰে এই নিলামত আটাইতকৈ গুৰুত্বপূৰ্ণ খেলুৱৈৰ ক্ৰয় কৰাৰ সুযোগ পাব কেকেআৰে। চেন্নাই ছুপাৰ কিংছ (চি এছ কে)য়েও ৪৩.৪ কোটি টকাৰে উল্লেখযোগ্য ভূমিকা পালন কৰিব আৰু ইয়াৰ ফলত নিলামৰ ফলাফলত প্ৰভাৱ পৰিব পাৰে। বিচিচিআইয়ে নিশ্চিত কৰিছে যে আইপিএল ২০২৬ৰ নিলাম ১৬ ডিচেম্বৰত অনুষ্ঠিত হ’ব।

সংযুক্ত আৰব আমিৰশ্বাহীৰ আবুধাবিত নিলাম অনুষ্ঠিত হ’ব। ২:৩০ বজাৰ পৰা আৰম্ভ হ’ব এই নিলাম। য’ত সকলো ফ্ৰেঞ্চাইজিয়ে নিজৰ নতুন কম্বিনেচনৰ সৈতে নিলামত প্ৰৱেশ কৰিব। নিলামত ২৪০জন ভাৰতীয় আৰু ১১০জন বিদেশী খেলুৱৈও থাকিব। ইয়াৰ ভিতৰত আছে ২২৪ গৰাকী অনকেপড ভাৰতীয় আৰু ১৮ গৰাকী অনকেপড বিদেশী খেলুৱৈ, যিসকল ভৱিষ্যতে আই পি এলৰ ডাঙৰ তাৰকা হ’ব পাৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *