নিউজ ডেস্কঃ সুদীৰ্ঘ ৪৪ বছৰীয়া বাওঁপন্থী শাসনৰ অন্ত পেলাই অৱশেষত জয় লাভ কৰিবলৈ সক্ষম হ’ল বিজেপিয়ে। দক্ষিণৰ ৰাজ্য কেৰালাৰ ৰাজধানী তিৰুৱনন্তপুৰম পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এয়ে চিপি আই (এম) নেতৃত্বাধীন এল ডি এফৰ পৰা ক্ষমতা কাঢ়ি আনি এক বৃহৎ বিজয় সাব্যস্ত কৰিছে। তিৰুৱনন্তপুৰম পৌৰ নিগমৰ মুঠ ১০১টা ৱাৰ্ডৰ ভিতৰত বিজেপিয়ে ৫০টা, এল ডি এফে ২৯টা, ইউ ডি এফে ১৯টা আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে দুটা ৱাৰ্ডত জয় লাভ কৰে। বিজেপি পৌৰ নিগমখনত একক সংখ্যাগৰিষ্ঠতাৰ পৰা মাত্ৰ এখন আসন আঁতৰত আছে। এই বিজয়ৰ ফলত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত, বিশেষকৈ ৰাজ্যৰ ৰাজধানীত বিজেপিৰ বাবে এক উৎসাহজনক পৰিৱেশ সৃষ্টি হ’ব।
ইয়াৰ উপৰিও, এন ডি এ য়ে কংগ্ৰেছ নেতৃত্বাধীন ইউ ডি এফৰ সৈতে এক কঠিন যুঁজৰ পিছতো পালঘাট পৌৰসভাত নিজৰ দখল বজাই ৰাখে আৰু থ্ৰিপুনিতুৰা পৌৰসভা কংগ্ৰেছৰ পৰা কাঢ়ি আনে। ত্ৰিশূৰত যোৱা বছৰ সুৰেশ গোপীয়ে লোকসভা নিৰ্বাচনত জয়ী হোৱা অঞ্চলত বিজেপিয়ে ক’ডুংগালুৰ পৌৰসভাৰ ৪৬টা ৱাৰ্ডৰ ভিতৰত ১৮টা ৱাৰ্ডত জয় লাভ কৰে। ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, বি জে পি নেতৃত্বাধীন মৰ্চাই কেৰালাত ১,০৮৫টা গ্ৰাম পঞ্চায়ত ৱাৰ্ড আৰু ৪৪টা ব্লক পঞ্চায়ত ৱাৰ্ডত জয় লাভ কৰিছে। তিৰুৱনন্তপুৰম পৌৰ নিগমৰ যুঁজত এল ডি এফৰ কাৰ্যকালত হোৱা দুৰ্নীতিৰ অভিযোগক লৈ বিজেপিয়ে কৰা প্ৰচাৰে এন ডি এৰ বাবে কাম কৰা যেন অনুমান কৰা হৈছে।
