শ শ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত

বিগত কেইটামান দিনৰ পৰা ১০৮ মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে। ইয়াৰ মাজতে শ শ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। ইয়াৰ পাছতে এতিয়া কৰ্মচাৰীসকলৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।জানিব পৰা মতে, প্ৰায় ৫০০ ৰো অধিক কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে। এইসকলৰ ভিতৰত প্ৰতিবাদ কৰা কৰ্মচাৰীও আছে। শীঘ্ৰেই এই পদৰ বাবে নতুন নিযুক্তি দিয়া হ’ব বুলি জানিব পৰা গৈছে।জানিব পৰা মতে, প্ৰতিবাদকাৰীসকলে প্ৰায় ৩০০০ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ, সম-কাম সম-মৰ্যদা, অভাৰ টাইমৰ ভাট্টা, উপযুক্ত মজুৰিকে ধৰি বিভিন্ন দাবী উত্থাপন কৰিছিল। প্ৰতিবাদকাৰীসকলে কৈছিল যে, ১৭ বছৰ ধৰি চাকৰি কৰাৰ পাছতো তেওঁলোকৰ কোনো নিৰাপত্তা নাই। ১০৮ সেৱাক জৰুৰীকালীন সেৱাত অন্তৰ্ভুক্ত কৰিছিল। কিন্তু আন জৰুৰীকালীন সেৱাৰ দৰে ১০৮ ৰ কৰ্মচাৰীসকলে কোনো সুবিধা লাভ নকৰে।১ ডিচেম্বৰৰ পৰা ৰাজ্যত প্ৰায় অচল হৈ আছে ১০৮ মৃত্যুঞ্জয় সেৱা। বিভিন্ন দাবীত শ শ কৰ্মচাৰীয়ে গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত প্ৰতিবাদ অব্যাহত ৰাখিছিল। কিন্তু তাৰ মাজতে ইয়াৰে শ শ কৰ্মচাৰীক এতিয়া চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। বছৰ বছৰ চাকৰি কৰি এতিয়া নিবনুৱা হৈ এই কৰ্মচাৰীসকলৰ মূৰত সৰগ ভাগি পৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *