অসমত বহুবিবাহ নিষিদ্ধকৰণৰ বাবে নৱেম্বৰত বিধেয়ক আনিব বিধানসভাত । ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।বহুবিবাহ কৰালেই হ’ব ৭ বছৰ জে’ল । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে ঘোষণা কৰিছে যে ৰাজ্য চৰকাৰে বহুবিবাহ নিষিদ্ধ কৰাৰ বাবে এখন আইন প্ৰণয়ন কৰিব । যাৰ বাবে নৱেম্বৰ মাহত হ’বলগীয়া অসম বিধানসভাৰ অধিৱেশনত উত্থাপন কৰা হ’ব বহুবিবাহ-বিৰোধী আইনৰ বাবে বিধেয়ক । ২৫ নৱেম্বৰত বিধানসভাত এই বিধেয়ক উত্থাপন কৰা হ’ব । যদি কোনো ব্যক্তিয়ে প্ৰথমগৰাকী মহিলাক ন্যায়ালয়ৰ যোগেদি বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰে, তেন্তে তেওঁ সাত বছৰ বা ততোধিক কাৰাদণ্ডৰ সন্মুখীন হ’ব ।”
অসমত বহুবিবাহ নিষিদ্ধকৰণৰ বাবে নৱেম্বৰত বিধেয়ক আনিব বিধানসভাত
