গুৱাহাটী মহানগৰীৰৰ ৰিহাবাৰীস্থিত অগ্ৰণী অনা চৰকাৰী সংগঠন অভয় শংকৰ ফাউণ্ডেছনৰ উদ্যোগত আজি দিছপুৰ প্ৰেছ ক্লাবত ‘কৰ্কট ৰোগ মানে মৃত্যু নহয়’ শীৰ্ষক এক সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত কৰ্কট ৰোগৰ বিৰুদ্ধে যুদ্ধ কৰি জীৱন যুদ্ধত জয়ী হোৱা সমাজকৰ্মী , ছবি নিৰ্মাতা , আৰু গুৱাহাটীৰ জালুকবাৰীৰ সুন্দৰবড়ী নিবাসী লেখিকা ৰুণা লাইলাক সম্বৰ্ধনা জনোৱা হয়।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি ৰুণা লাইলাই ভাষণ প্ৰসংগত কৰ্কট ৰোগ সন্দৰ্ভত নিজৰ অনুভব আৰু অভিজ্ঞতা ব্যক্ত কৰি কয় যে নিজৰ মনোবল অটুত থাকিলে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দি জয়ী হব পাৰি। লাগিব কেবল মনৰ দৃঢ়তা আৰু জীয়াই থকাৰ দুৰ্বাৰ হেপাহ।
আনহাতে ফাউণ্ডেছনৰ সভাপতি মৃগাংক পাটোৱাৰীয়ে সভাপতিত্বত কৰা অনুষ্ঠানৰ উদ্দ্যেশ্য বাখ্যা কৰে সম্পাদক যতীন হাজৰিকাই। অনুষ্ঠানত বিশিষ্ট সাহিত্যিক কিশোৰী মোহন পাঠক, জনপ্ৰিয় অভিনেত্ৰী ভ্ৰান্তি মেধি, নবজিৎ পাটোৱাৰীকে ধৰি কেবাজনো বিশিষ্ট লোক আৰু ফাউণ্ডেছনৰ কেবাজনো কৰ্মকৰ্তা উপস্থিত আছিল।
