আছাম ৰাইফলছৰ গুলীত নিহত তিনিচুকীয়াৰ আলফা(স্বাঃ)ৰ এজন কেডাৰ

অৰুণাচলৰ নামচাইত আছাম ৰাইফলছ আৰু আলফা স্বাধীনৰ মাজত ভয়ংকৰ সংঘৰ্ষ সংঘটিত হয়। আছাম ৰাইফলছৰ গুলীত নিহত তিনিচুকীয়াৰ আলফা(স্বাঃ)ৰ এজন কেডাৰ। নিহত কেডাৰজন আইৱান অসম বুলি জানিব পৰা গৈছে। আইৱান অসমৰ ঘৰ তিনিচুকীয়াৰ কৰদৈগুৰীৰ জকাইচুকত। উদ্ধাৰ কৰা হৈছে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ। অধিক তথ্য সন্ধানত অভিযান অব্যাহত ৰাখিছে নিৰাপত্তাৰক্ষীয়ে।জানিব পৰা মতে, ২১ অক্টোবৰৰ নিশা ৬ মাইলৰ সমীপত আছাম ৰাইফলছৰ জোৱানে প্ৰায় সাতজনীয়া আলফা(স্বাঃ)ৰ এটা দলৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। নিৰাপত্তাৰক্ষীৰ সূত্ৰ অনুসৰি উগ্ৰপন্থী সংগঠনটো শেহতীয়াকৈ অসমৰ কাকপথাৰৰ সেনা শিবিৰত সংঘটিত আক্ৰমণৰ সৈতে জড়িত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *