তামিলনাডুৰ কাৰুৰত TVK ৰ মৰব্বীৰ বিজয়ৰ ৰেলীত পদপিষ্টৰ দৰে ভয়াৱহ ঘটনা

তামিলনাডুৰ কাৰুৰত TVK ৰ মৰব্বীৰ বিজয়ৰ ৰেলীত পদপিষ্টৰ দৰে ভয়াৱহ ঘটনা সংঘটিত হয়। মুখ্যমন্ত্ৰী ষ্টেলিনৰ তথ্য অনুসৰি, এই ঘটনাত এতিয়ালৈকে ৩৯ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও ৫১ জন লোকক আই চি ইউত চিকিৎসাধীন হৈ আছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি ধাৰণা কৰা হৈছে। ইফালে, অঘটন সংঘটিত হোৱাৰ লগে লগে নিশা তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে। ক্ষতিপূৰণৰ কথাও ঘোষণা কৰে।প্ৰত্যক্ষদৰ্শীৰ মতে, বিজয়ৰ ৰেলী আনকি আৰম্ভ হোৱাৰ আগতেই এক বৃহৎ জনসমাগম হৈছিল। ইয়াৰ পিছতো কেইবা ঘণ্টা পলম হোৱাৰ পিছতো বিজয় নিজেই ৰেলীত ভাষণ দিবলৈ উপস্থিত হয়। এই সময়ছোৱাত মানুহে মঞ্চৰ কাষ চাপিবলৈ ধৰিলে। তদুপৰি মানুহৰ উশাহ-নিশাহ লোৱাত অসুবিধা হ’বলৈ ধৰিলে।এই সময়ছোৱাত বহু লোক অজ্ঞান হৈ পৰে, যাৰ ফলত হুলস্থুলৰ সৃষ্টি হয়। বিজয়ৰ সমাৱেশত ৩০ হাজাৰ লোকে অংশগ্ৰহণ কৰিব বুলি প্ৰশাসনে আশা কৰিছিল যদিও আশা কৰাতকৈও অধিক সংখ্য লোক সমবেত হৈছিল। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ পৰিল।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *