SIT ব্যৰ্থ হ’লে CBI লৈ হস্তান্তৰ কৰা হ’ব তদন্তৰ দায়িত্ব

SIT ব্যৰ্থ হ’লে CBI লৈ হস্তান্তৰ কৰা হ’ব তদন্তৰ দায়িত্ব । একাংশই জুবিন গাৰ্গক ব্যক্তিগত ‘ফাইদা’ৰ বাবে ব্যৱহাৰ কৰিছিল ৷ ক’লে মুখ্যমন্ত্ৰীয়ে ৷জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “এছ আই টি ব্যৰ্থ হ’লে চি বি আইলৈ হস্তান্তৰ কৰা হ’ব ৷ আমি সকলো জুবিনৰ অনুৰাগী । আমি কিছুদিন এছ আই টিক সহযোগ কৰা উচিত । তৎক্ষণাত ন্যায় লাগিব বুলিলে আদালতত আমি বিফল হ’ম । অহা ১৫ দিনত সকলো প্ৰশ্নৰ উত্তৰ পাব ৷ য়াটখনত থকা সকলো ব্যক্তি তদন্তৰ আওতালৈ আহিব ।” গুৱাহাটীৰ বশিষ্ঠস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

আনহাতে, জুবিন গাৰ্গৰ মৃত্যু প্ৰসংগত ওলোৱা বিভিন্ন উৰাবাতৰিত ভোল নাযাবলৈ ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে ৷ মুখ্যমন্ত্ৰীৰ মন্তব্য, “যিসকলে জুবিন গাৰ্গক ভাল পায়, তেওঁলোকক মোৰ অনুৰোধ— এই গোটেই ঘটনাবোৰৰ মাজত উৰাবাতৰি আৰু আন বিভিন্ন কথাৰে নিজেও বিভ্ৰান্ত হ’ব নালাগে, আনকো কৰিব নালাগে । অসম চৰকাৰৰ ওপৰত বিশ্বাস ৰাখক । এছ আই টি যদি ক’ৰবাত ব্যৰ্থ হয়, তেন্তে আমি চি বি আইলৈ হ’লেও পঠিয়াম । আমাৰ দষ্টিভংগী স্পষ্ট— সিদিনা কি ঘটিছিল আমি তাক বিচাৰি উলিযাম । আমি আপোচ নকৰো । আমি সকলোৱে অত্যন্ত ধৈৰ্যৰে সৈতে কিছুদিন অপেক্ষা কৰিব লাগে ৷”

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *