আজি অভিৰুচি ক্ৰীড়া দিৱস

আজি অভিৰুচি ক্ৰীড়া দিৱস। অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰা হৈছে অভিৰুচি ক্ৰীড়া দিৱস।১৯৮৪ চনত প্ৰথমবাৰৰ বাবে ৰাজ্যত পালন কৰা হৈছিল অভিৰুচি ক্ৰীড়া দিৱস। তেতিয়াৰ পৰা আজিৰ দিনটোলৈকে প্ৰতি বছৰে পালন কৰি অহা হৈছে এই ক্ৰীড়া দিৱসটি। অভিৰুচি ক্ৰীড়া দিৱসৰ অংশ হিচাপে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দৌৰ, সাংস্কৃতিক অনুষ্ঠান আদি আয়োজন কৰা হয়। ইয়াৰ লগতে ক্ৰীড়া ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুওৱা খেলুৱৈসকলক উৎসাহিত কৰাৰ বাবে বিশেষ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *