ভয়ংকৰ ডাৱৰ বিস্ফোৰণ

উত্তৰাখণ্ডৰ উত্তৰকাশীত সংঘটিত হৈছে ডাৱৰ বিস্ফোৰণৰ ঘটনা।শিল- মাটি আৰু পানীৰ ঢলে উটুৱাই নিয়ে ভালেসংখ্যক লোকক। এই ঘটনাত ১২ জন লোক ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰা বুলি জানিব পৰা গৈছে। লগতে ৬০ জন লোক নিৰুদ্দেশ হোৱা বুলিও এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।ধৰালী খিৰগাড চহৰখনৰ বহু ঘৰৰ ক্ষতিসাধন হোৱা খবৰ লাভ কৰা গৈছে। তথ্য অনুসৰি, বহু হোটেলত পানী প্ৰৱেশ কৰিছে। বানৰ লগতে ঘৰ-দুৱাৰ, দোকান-পোহাৰতো সোমাইছে ধ্বংসাৱশেষ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *