শিক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি সমগ্ৰ দেশৰ কেন্দ্ৰীয় বিদ্যালয় আৰু নৱোদয় বিদ্যালয়ত ১২ হাজাৰৰো অধিক শিক্ষকৰ পদ খালী হৈ আছে। বুধবাৰে ৰাজ্যসভাত এক লিখিত উত্তৰত কেন্দ্ৰীয় শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে এই তথ্য প্ৰকাশ কৰে।
তেওঁ কয় যে কেন্দ্ৰীয় বিদ্যালয়ত মুঠ ৭,৭৬৫টা শিক্ষক পদ আৰু নৱোদয় বিদ্যালয়ত ৪,৩২৩টা শিক্ষক পদ আজিলৈকে সমগ্ৰ দেশতে খালী হৈ আছে। মন্ত্ৰীগৰাকীয়ে কয় যে এই খালী পদসমূহ পূৰণ কৰাটো এক নিৰন্তৰ প্ৰক্ৰিয়া আৰু সংশ্লিষ্ট নিযুক্তি বিধি অনুসৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে।চৌধুৰীয়ে কয়-অস্থায়ী সময়ৰ বাবে ঠিকাভিত্তিক শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা আছে, যাতে নিৰৱচ্ছিন্ন শৈক্ষিক কাম-কাজ নিশ্চিত হয়।
নেচনেল কাউন্সিল অৱ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং (এনচিইআৰটি)ত গ্ৰুপ এ একাডেমিক পদত ১৪৩টা পদ খালী হৈ আছে। এই খালী পদসমূহ পূৰণৰ প্ৰক্ৰিয়া চলি আছে। তেওঁ লগতে কয় যে নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যনত আজিলৈকে ৬০টা পদ খালী হৈ আছে।
