অদূৰ ভবিষ্যতে অসমক এখন ইছলামিক ৰাষ্ট্ৰত পৰিণত কৰি জনগাঁথনি সলনিৰে অদূৰ ভবিষ্যতে তাক বাংলাদেশৰ সৈতে চামিল কৰাৰ লক্ষ্যৰে চলি থকা আন্তৰ্জাতিক চক্ৰান্তৰ অংশ হিচাপে সন্দেহযুক্ত বাংলাদেশী মূলৰ লোকক ৰাজ্যৰ বিভিন্ন জিলাত সংৰক্ষিত বনাঞ্চল , চৰকাৰী ভূমি, পি জি আৰ, ভি জি আৰ আদিত কৌশলৰে বেদখল কৰোৱাই থকা হৈছে। শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি মূখ্যমন্ত্ৰীৰ বিশেষ উদ্যোগত ৰাজ্যজুৰি বনাঞ্চল বেদখলমূক্ত কৰাৰ সময়ত বিশেষ ৰাজনৈতিক – অৰাজনৈতিক দল – সংগঠনৰ পৃষ্ঠপোষতাত চলি থকা এই ভয়াবহ আন্তৰ্জাতিক চক্ৰান্তৰ কথা পোহৰলৈ অহাৰ পাছত খিলঞ্জীয়া জনগোষ্ঠী লোকসকলৰ মাজত স্বাভাৱিকতে তীব্ৰ আতংকৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে পূৰ্বৰ পশ্চিম গুৱাহাটীৰ তথা সমষ্টি পুনৰ গঠনৰ পাছত জালুকবাৰী সমষ্টিত অন্তৰ্ভুক্ত হোৱা জালুকবাৰী আৰক্ষী চকীৰ অন্তৰ্গত মাজ জালুকবাৰীত হিন্দু ধৰ্মালম্বী লোকে নামঘৰ স্থাপনৰ বাবে সংৰক্ষিত কৰি ৰখা চৰকাৰী ভূমি সন্দেহজনক বাংলাদেশী মূলৰ তথা বিশেষ সম্প্ৰদায়ৰ লোকে ছাইনবোৰ্ড, বেৰ ভাঙি বেদখল কৰি থকা ঘটনাই জালুকবাৰী অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আনকি এই সন্দৰ্ভত মাজ জালুকবাৰীৰ লখিমী নগৰ উন্নয়ন সমিতিয়ে যোৱা ২৭ মে’ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি এই সন্দৰ্ভত এখন স্মাৰক পত্ৰ দাখিল কৰাত মুখ্যমন্ত্ৰীয়ে লগে লগেই গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক ততালিকে সেই চৰকাৰী ভূমি বেদখলমুক্ত কৰি উন্নয়ন সমিতিক চমজাই দিবলৈ নিৰ্দেশ দিয়ে।
কিন্তু উন্নয়ন সমিতিৰ সভাপতি যতীন কলিতা আৰু সম্পাদক অৰূপ দাসে জানিবলৈ দিয়া মতে আজি দুমাহ পাৰ হৈ যোৱাৰ পাছতো সেই নিৰ্দেশ কাৰ্যকৰী নোহোৱাত খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকল হতাশ হোৱাৰ বিপৰীতে তাত থকা বাংলাদেশী মূলৰ লোকসকল উৎসাহিত হৈ পৰিছে। এই সন্দৰ্ভত মাজ জালুকবাৰীৰ লখিমী নগৰ উন্নয়ন সমিতিয়ে মুখ্যমন্ত্ৰীক প্ৰদান কৰা স্মাৰক পত্ৰত উল্লেখ কৰা অনুসৰি প্রায় ৫০-৬০ ঘৰ মানুহে তাত সমাজ পাতি বসতি কৰি আহিছে । বসতি এলেকাৰ মাজ জালুকবাৰী গাওঁৰ ৬১৮ নং দাগটো চৰকাৰী ভূমি হোৱা বাবে ৰাইজে, সেই ভূমিত ২০০৫ চনৰ পৰাই নামঘৰ আৰু শিশু উদ্যানৰ বাবে সংৰক্ষিত কৰি লখিমী নগৰ ৰাজহুৱা নামঘৰ নামেৰে নামাকৰণ কৰি অস্থায়ীভারে ধুপ-চাকি জলাই আহিছিল। উক্ত ভূমিখিনি ৰাইজে ইতিমধ্যে বসুন্ধৰা -৩ ৰ জৰিয়তে নামঘৰ আৰু শিশু উদ্যানৰ নামত আবণ্টনৰ বাবে আবেদন পৰ্যন্ত কৰিছিল। কিন্তু সেই ৬১৮ নং দাগৰ চৰকাৰী ভূমিত হায়দৰ নামৰ এজন মিঞালোকে বলপূর্বক ভাবে ঘৰ সাজি বেদখল কৰিবলৈ লৈছে। আনকি নামঘৰটো ভাঙি তাত থকা নামঘৰৰ সামগ্রী সমূহ ভাঙি ধংস কৰে।
ৰাজহুৱাভাৱে তেওঁক বাধা দিয়া স্বত্বেও তেওঁ কাম বন্ধ কৰা নাই। এই কথাখিনি ৰাইজে জালুকবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু গুৱাহাটী ৰাজহ চক্রৰ চক্ৰ বিষয়াক লিখিতভাবে অৱগত কৰা হয় যদিও এতিয়ালৈকে উক্ত চৰকাৰী ভূমি দখল মুক্ত নোহোৱাত স্থানীয় ৰাইজে বিবুধিত পৰিছে আৰু সামাজিক পৰিবেশ বিনষ্ট হোৱাৰ ভয়ত কম্পমান হৈ আছে । এইক্ষেত্রত আমি সমুহ লখিমীনগৰ বাসিন্দাই মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ কাতৰে বিচাৰিছো। লক্ষণীয় বিষয়টো এয়ে যে খোদ মুখ্যমন্ত্ৰীৰ সমষ্টিত বাংলাদেশী মূলৰ লোকৰ বেদখলকাৰীয়ে চৰকাৰী দে সংৰক্ষিত ভূমিত থকা নামঘৰ ভাঙিব পৰা ঘটনাই স্বাভাৱিকতে হিন্দু ধৰ্মালম্বী লোকসকলক শংকিত কৰি তুলিছে। যাৰ বাবে অঞ্চলটোৰ সকলো শ্ৰেণীৰ সচেতন লোকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বিষয়টোত ব্যক্তিগতভাবে হস্তক্ষেপ কৰি হাইদৰ নামৰ লোকজনৰ বিৰুদ্ধে আইনগত ব্যবস্থা গ্ৰহণ কৰি সংৰক্ষিত ভূমিখিনীত নামঘৰ আৰু শিশু উদ্যান এখন নিৰ্মাণ কৰাৰ বাবে আহ্বান জনাইছে।
