এখন ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত। এতিয়াৰ পৰা চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানত বাধ্যমূলক হ’ব গীতাৰ শ্লোক। এই সিদ্ধান্তক বহুতে বিৰোধিতা কৰিছে যদিও বহুতে সমৰ্থনো কৰিছে।এই কথা ঘোষণা কৰি মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে ভাগৱতৰ জ্ঞান কেৱল ধৰ্মীয় নহয়, ই নৈতিকতা আৰু জীৱন মূল্যবোধৰ শিক্ষাও দিয়ে। এই পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলক উন্নত মানুহ আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলাতো সহায় কৰিব।সিদ্ধান্ত অনুসৰি, এতিয়াৰ পৰা সকলো বিদ্যালয়তে প্ৰাৰ্থনা সভাৰ সময়ত গীতাৰ শ্লোক আবৃত্তি কৰা বাধ্যতামূলক হ’ব।

