ৰাজ্যজুৰি চৰকাৰী ভূমি দখল কৰা কাৰ্যক লেণ্ড জেহাদ আখ্যা দিছে মুখ্যমন্ত্ৰীৰ ড° হিমন্ত বিশ্ব শর্মাই। মঙলবাৰে এক সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে লেণ্ড জেহাদৰে অসমৰ অস্তিত্ব নাইকীয়া কৰাৰ এক জেহাদ চলোৱা হৈছে। বুঢ়াচাপৰিত একোজন লোকে ১৫০ বিঘা মাটি দখল কৰি আছিল। তেওঁলোক ভূমিহীন নাছিল, জমিদাৰৰ দৰে আছিল তাত। বুঢ়াচাপৰিত এসময়ত এটা দিনতে ১০টা গঁড় নিধন হৈছে। বহুতে কয় আমি পুঁজিপতিৰ স্বাৰ্থত উচ্ছেদ কৰিছোঁ। আমাৰ কাৰণে পুঁজিপতি হৈছে গঁড়-হাতী আদি। ইয়াৰ উপৰিও তেওঁ কয় যে ১৫বছৰত লখিমপুৰত সাংঘাতিকভাৱে পৰিৱৰ্তন হৈছে। অসমীয়া, ভাৰতীয় মানুহ সজাগ হ’ব লাগিব।
সজাগ নহ’লে ২০ বছৰত অসম বুলি একো নাথাকে। তেওঁ কয়-উচ্ছেদৰ পিছতে পাইকানত পুনৰ হাতীয়ে বিচৰণ কৰিছে। আন ঠাইৰ মানুহে আহি লখিমপুৰত মাটি দখল কৰিছিল। বৰপেটাৰ পৰা ৭৪জন লোক আহি ঘৰ সাজিছিল লখিমপুৰত। নগাঁৱৰ পৰা আহি ৬৫জন লোকে দখল কৰিছিল। গোৱালপাৰাৰ ৭, মানকাচৰৰ ২টা পৰিয়ালে মাটি দখল কৰিছিল। VGR-PGRত ৩,৬০০ বিঘা ভূমি দখলমুক্ত কৰা হৈছে। শোণিতপুৰত সর্বাধিক ৪৯,৫৩৭ বিঘা ভূমি মুকলি কৰা হৈছে। হোজাইত দখলমুক্ত কৰা হ’ল ১০,৭৪৯ বিঘা ভূমি। বৰপেটা জিলাত ৪০৮ বিঘা ভূমি দখলমুক্ত কৰা হ’ল। ২০২১ৰ পৰা ১২,০০৩.৫১৫ হেক্টৰ ভূমি দখলমুক্ত কৰা হ’ল।
লখিমপুৰত দখলমুক্ত কৰা হ’ল ১৩,৪৮১ বিঘা ভূমি। গোৱালপাৰাত দখলমুক্ত কৰা হ’ল ৮,২৮০ বিঘা ভূমি। ১৭,৯০৫ বিঘা ভূমি দৰঙত দখলমুক্ত কৰা হ’ল। কাছাৰত দখলমুক্ত কৰা হ’ল ৭৫৬ বিঘা ভূমি। ধুবুৰীত ১০১ বিঘা ভূমি মুকলি কৰা হ’ল। তেওঁ কয় যে বন বিভাগৰ বহু ভূমি দখলমুক্ত কৰা হ’ল। বিজেপি চৰকাৰ অহাৰ পিছত ৮৪,৭৪৩ বিঘা ভূমি দখলমুক্ত হ’ল। সত্র-নামঘৰৰ ৪,৪৪৯ বিঘা ভূমি বেদখলমুক্ত হ’ল। সর্বমুঠ ১,১৯,৫৪৮ বিঘা ভূমি বেদখলমুক্ত হ’ল। ১৬০ বর্গ কিলোমিটাৰ ভূমি বেদখলমুক্ত কৰিলে চৰকাৰে।
