অসম আৰক্ষীৰ বৃহৎ সফলতা

ৰাজ্যত অব্যাহত আছে নকল সোণৰ বেহা। শনিবাৰে গহপুৰ পৌৰসভাৰ অন্তৰ্গত ধেনুধৰাৰ এক নং ৱাৰ্ডৰ গোপাল গগৈৰ ঘৰত গোপনে চলি অহা নকল সোণৰ অবৈধ বেহা উৎখাত কৰে গহপুৰ আৰক্ষীয়ে।গহপুৰ আৰক্ষীয়ে গোপাল গগৈৰ বাসগৃহত এক অভিযান চলায়। আৰক্ষীৰ উক্ত অভিযানত গগৈৰ বাসগৃহৰ পৰা দুখনকৈ নকল সোণৰ নাও জব্দ কৰাৰ লগতে এই নকল সোণৰ ব্যৱসায়ৰ লগত জড়িত গোপাল গগৈসহ আন চাৰিজনক হাতে-লোটে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা লোক কেইজন হৈছে উত্তৰ প্ৰদেশৰ ৰামধাৰ কুমাৰ আৰু সত্যেন্দ্ৰ কুমাৰ, লখিমপুৰ জিলাৰ নাওবৈচাৰ হাবিবুল ৰহমান আৰু নিজাৰুল ৰহমানৰ লগতে ধেনুধৰাৰ গোপাল গগৈ।উল্লেখযোগ্য যে, ধৃত গোপাল গগৈৰ ঘৰৰ ভিতৰত উক্ত লোক কেইজনে নকল সোণৰ নাৱৰ বিষয়ে কথা পাতি থাকোতেই আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয়। নাওবৈচাৰ দুই ব্যৱসায়ীয়ে উত্তৰ প্ৰদেশৰ ব্যৱসায়ী দুজনক নকল সোণৰ নাও দুখন বিক্ৰীৰ বাবে আনিছিল বুলি জানিব পৰা গৈছে। ইয়াৰ বাবে মধ্যস্থতা কৰি দিছিল গোপাল গগৈয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *