পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ এজন

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ এজন। বিশাল যাদৱ নামৰ এই লোকজন দিল্লীৰ নৌ ভৱনত কৰ্মৰত আছিল। তেওঁ পাকিস্তানক অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভতো তথ্য প্ৰদান কৰিছিল। ৰাজস্থান আৰক্ষীৰ চোৰাংচোৱা শাখাই নতুন দিল্লীৰ নৌ ভৱনৰ পৰা এজন উচ্চ সংমণ্ডল কেৰাণী (upper division clerk) ক গ্ৰেপ্তাৰ কৰে। অভিযুক্ত বিশাল যাদৱৰ পৰা আৰক্ষীয়ে জেৰাৰ সময়ত বহু তথ্য লাভ কৰিছে।পহলগাম কাণ্ডৰ পাছত অপাৰেশ্যন সেন্দূৰৰ তথ্যও তেওঁ পাকিস্তানৰ সেই হেণ্ডেলাৰক প্ৰদান কৰিছিল। ইয়াৰ বিনিময়ত তেওঁ ৫০,০০০ টকা লাভ কৰিছিল। তদন্তত প্ৰকাশ পোৱা অনুসৰি, এতিয়ালৈকে তেওঁৰ একাউন্টত ২ লাখ টকা সোমাইছে। গ্ৰেপ্তাৰৰ পাছতে বিশালক জয়পুৰ আদালতত হাজিৰ কৰোৱা হয়। আদালতে তেওঁক ৪ দিনৰ আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *