‘অপাৰেচন সিন্ধু’ৰ অধীনত ইৰাণৰ পৰা উভতিল ১৪২৮ ভাৰতীয়

ইৰাণৰ পাৰমাণৱিক স্থানত আমেৰিকাই বোমা বিস্ফোৰণৰ পিছত ইৰাণ আৰু ইজৰাইলৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে দেওবাৰে ভাৰতে ইৰাণৰ পৰা ৩০০ৰো অধিক ভাৰতীয় নাগৰিকক উভতাই আনে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ইৰাণৰ মাছহাদ চহৰৰ পৰা বিশেষ বিমানেৰে দিল্লীত উপস্থিত হয় ৩১১জন ভাৰতীয়। তেওঁ কয় যে ইয়াৰ সৈতে ইৰাণৰ পৰা উভতি অহা মুঠ লোকৰ সংখ্যা এতিয়া ১৪২৮ জন হৈছেগৈ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে জনোৱা মতে, ২২ জুনত বিয়লি ৪.৩০ বজাত মছহাদৰ পৰা বিশেষ বিমানেৰে ৩১১জন ভাৰতীয় নাগৰিকে নতুন দিল্লীত উপস্থিত হয়। তেওঁ কয় যে এই পৰ্যন্ত মুঠ ১৪২৮ জন ভাৰতীয় নাগৰিকক ইৰাণৰ পৰা ভাৰতলৈ অনা হৈছে। দুয়োখন দেশৰ মাজত ক্ৰমবৰ্ধমান শত্ৰুতাৰ পৰিপ্ৰেক্ষিতত ইৰাণ আৰু ইজৰাইলৰ পৰা ভাৰতীয়সকলক উভতাই অনাৰ বাবে ভাৰতে যোৱা সপ্তাহত ‘অপাৰেচন সিন্ধু’ আৰম্ভ কৰিছিল। এসপ্তাহতকৈও অধিক পূৰ্বে শত্ৰুতা আৰম্ভ হোৱাৰ পিছৰে পৰা ইজৰাইল আৰু ইৰানে ইজনে আনজনৰ চহৰ আৰু সামৰিক আৰু কৌশলগত ইনষ্টলেশ্যনত শ শ ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’ন নিক্ষেপ কৰিছে।

দেওবাৰে পুৱা ইৰাণৰ তিনিটা ডাঙৰ পাৰমাণৱিক স্থানত আমেৰিকাই বোমা বিস্ফোৰণ কৰাৰ পিছত উত্তেজনা যথেষ্ট বৃদ্ধি পায়। বুধবাৰৰ পৰা ভাৰতে চাৰ্টাৰ্ড বিমানযোগে ইৰাণৰ মাছহাদ চহৰ, আৰ্মেনিয়াৰ ৰাজধানী ইয়েৰেভান আৰু তুৰ্কমেনৰ ৰাজধানী আছগাবাটৰ পৰা নিজৰ নাগৰিকক উভতাই আনি আছে। শুকুৰবাৰে ইৰাণে মাছহাদৰ পৰা তিনিখন চাৰ্টাৰ্ড বিমানৰ অনুমতিৰ বাবে আকাশমাৰ্গৰ নিষেধাজ্ঞা উঠাই লয়।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *