যোৰাবাটত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ।
মহানগৰ আৰক্ষী আৰু যোৰাবাট আৰক্ষীয়ে যুটীয়াভাৱে চলোৱা অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ।
আটক এটা ড্ৰাগছ সৰবৰাহকাৰী।
শিলচৰৰ পৰা গুৱাহাটী অভিমুখী নৈশ বাছৰ পৰা জব্দ হয় ৩৫ পেকেট নিষিদ্ধ হে’ৰইন।
আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটো কাছাৰৰ চাইবুল হুছেইন লস্কৰ।
ড্ৰাগছখিনি মূল্য প্ৰায় কেইবাকোটি টকা হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।
জব্দকৃত নৈশ বাছখনৰ নম্বৰ AS01 LC 9264।
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।