মিজোৰামত বুজন পৰিমাণৰ বিস্ফোৰক সামগ্ৰী আৰু মাৰণাস্ত্ৰ জব্দ কৰা হৈছে। মিজোৰামৰ চাইহা জিলাৰ নিয়টলং এলেকাত অভিযান চলাই অসম ৰাইফলছে ১২২ ডাল ডিটনেটৰ, ৯৪ ডাল জিলেটিন ষ্টিক, ৮ মিটাৰ চেফটি ফিউজ তাঁৰ, এটা বাৰ ব’ৰ ৰাইফল আৰু বুজন পৰিমাণৰ সক্ৰিয় গুলি জব্দ কৰিছে।৭৭ লাখ টকা বুলি সদৰী কৰিছে অসম ৰাইফলছে। আন এক পৃথক অভিযানত অসম ৰাইফলছ আৰু শুল্ক বিভাগে চাম্পাই জিলাৰ পৰা ১ লাখ ৯২ হাজাৰ টকা মূল্যৰ বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হৈছে।
মিজোৰামত বহু পৰিমাণৰ মৰণাস্ত্ৰ জব্দ
