যোৱা কেইটামান দিনত বিশ্বৰ কেইবাটাও প্ৰান্তত ভয়ংকৰ ভূমিকম্পৰ ঘটনা সংঘটিত হৈছে। শেহতীয়াকৈ পোহৰলৈ আহিছে যে আহিব পাৰে মহাপ্ৰলয়। যাৰ প্ৰভাৱ ভাৰততো পৰিব পাৰে।তথ্য় অনুসৰি বাবা ভাংগা নামেৰে বিখ্যাত ৰিঅ’ টুটস্কিয়ে ভৱিষ্যদ্বাণী কৰি কৈছিল যে ২০২৫ চনৰ জুলাই মাহৰ ভিতৰত এক বৃহৎ সংকটৰ সৃষ্টি হ’ব। এনে পৰিস্থিতিত বিশ্বৰ দেশসমূহে ভয়ংকৰ দুৰ্যোগৰ সন্মুখীন হ’ব লাগিব।বেইজিং ভূমিকম্প ইনষ্টিটিউটৰ বিজ্ঞানীসকলে দাবী কৰিছে যে চীনৰ আশে-পাশে শক্তিশালী ভূমিকম্প হ’ব পাৰে। হুনান আৰু হিমালয়ৰ পাদদেশত এই ভূমিকম্প হব পাৰে বুলি কৈছে তেওঁলোকে। বিজ্ঞানীসকলৰ মতে,ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাৱল্য ৮ হ’ব পাৰে, যাৰ বাবে চীন আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত এক বিপৰ্যয়জনক পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। কিন্তু চীনৰ ভূতত্ত্ববিদসকলে এই ভূমিকম্পৰ তাৰিখ নিৰ্ণয় কৰিব পৰা নাই।যদি চীনা বিজ্ঞানীসকলৰ ভৱিষ্যদ্বাণী সঁচা হয়, তেন্তে ভাৰততো ইয়াৰ প্ৰভাৱ পৰিব পাৰে।
পুনৰ ভয়ংকৰ ভূমিকম্পৰ আশংকা
