দিল্লীত ইছৰোৰ অধ্যক্ষৰে বৈঠক মুখ্যমন্ত্ৰীৰ

অসম চৰকাৰে নিজাববীয়াকৈ কৃত্ৰিম উপগ্রহ উৎক্ষেপণৰ প্ৰস্তুতি চলাই আছে। ২০২৫-২৬ বৰ্ষৰ বাজেটত অসম চৰকাৰে ঘোষণা কৰাৰ দৰেই অসমৰ এটা নিজা কৃত্রিম উপগ্ৰহ উৎক্ষেপণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। সেই অনুসৰি ইছৰোৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰে। এই সন্দৰ্ভত সোমবাৰে নতুন দিল্লীত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ইছৰোৰ অধ্যক্ষ ভি. নাৰায়ণনৰ সৈতে এক বৈঠকত মিলিত হয়। ইছৰোৰ অধ্যক্ষগৰাকীৰ সৈতে হোৱা বৈঠকত অসমৰ নিজা কৃত্ৰিম উপগ্ৰহৰ বিষয়টোৱেও স্থান লাভ কৰে বুলি মুখ্যমন্ত্ৰীৰ কার্যালয়ে সদৰী কৰে।

মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ ভি নাৰায়ণনৰ সৈতে এক সমৃদ্ধ বার্তালাপত মিলিত হৈ অসমৰ অভিলাষী মহাকাশ কাৰ্যসূচীৰ প্রসংগত বিশদভাৱে আলোচনা কৰাৰ সৌভাগ্য হয়। অসমৰ প্ৰথমটো কৃত্রিম উপগ্ৰহ উৎক্ষেপণত সহায় কৰিবলৈ মহাকাশ গৱেষণা সংস্থাটি সম্পূৰ্ণৰূপে সাজু। সাময়িকভাৱে এইটো হ’ব পৃথিৱীৰ নিম্ন কক্ষপথৰ উপগ্ৰহ (Low Earth Orbit Satellite)।

এই উপগ্ৰহৰ জৰিয়তে ৰাজ্যখনক সম্পূৰ্ণৰূপে সামৰি মহাকাশৰ পৰা নিৰন্তৰ পৰ্যবেক্ষণ কৰিব পৰা যাব, লগতে বান প্ৰশমন, নীতি পৰিকল্পনা আৰু অনুপ্ৰৱেশ ৰোধ আদি বিভিন্ন ক্ষেত্ৰত সহায় লাভ কৰিব পৰা যাব। আমি শীঘ্ৰেই ইয়াৰ ৰূপায়ণৰ সন্দর্ভত ইছৰ’ৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিম। গুৱাহাটীৰ চন্দ্ৰপুৰত অতি সোনকালে এটা মুখ্য মহাকাশ পৰ্যবেক্ষণ কেন্দ্র স্থাপন কৰা হ’ব। এই কেন্দ্রই ভাৰতৰ উপগ্ৰহ উৎক্ষেপণত সহযোগিতা আগবঢ়াব। আমি ২০২৬ চনৰ জানুৱাৰীৰ ভিতৰত ইয়াৰ নির্মাণৰ প্ৰথম পৰ্যায় আৰম্ভ কৰিবলৈ আশা প্রকাশ কৰিছোঁ।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *