কাইলৈ ঈদ

ঈদ-উল-ফিতৰ মুছলমানসকলৰ এক প্ৰধান উৎসৱ। ইয়াৰ জৰিয়তে পবিত্ৰ ৰমজান মাহৰ অন্ত পৰে, যিটো ৰোজা আৰু আত্মসংযমৰ মাহ। ইছলামিক কেলেণ্ডাৰ অনুসৰি শ্বাৱাল মাহৰ প্ৰথম দিনটোত ঈদ পালন কৰা হয়।৩১ মাৰ্চ সোমবাৰে পালন কৰা হ’ব ঈদ-উল-ফিতৰ উৎসৱ। ঈদৰ উৎসৱ পাৰস্পৰিক ভাতৃত্ববোধৰ প্ৰতীক। সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে অতি আনন্দৰে ঈদ উদযাপন কৰে।ঈদৰ দিনা মানুহে ৰাতিপুৱা সোনকালে সাৰ পাই নতুন কাপোৰ পিন্ধি নামাজ আদায় কৰে আৰু ইজনে সিজনক ঈদ মোবাৰক শুভেচ্ছা জনায়। আজিৰ দিনটোত মানুহে ভাৰ্মিচেলি আৰু অন্যান্য মিঠা খাদ্য তৈয়াৰ কৰি খায়। ঈদ-উল-ফিতৰতো দান-বৰঙণি আৰু দয়াৰ উৎসৱ। আজিৰ দিনটোতে মুছলমানসকলে দুখীয়া আৰু আৰ্তজনক ফিতৰা নামৰ দান-বৰঙণি আগবঢ়ায়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *