দীৰ্ঘদিনীয়া অপেক্ষাৰ আজি অন্ত পৰিব। কিছু সময়ৰ পিছতে আৰম্ভ হ’ব আই পি এল ২০২৫ৰ মেগা নিলাম। আজি আৰু কাইলৈ চৌদি আৰৱৰ জেদ্দাহ চহৰত এই মেগা নিলাম অনুষ্ঠিত হ’ব।ক্ৰিকেট বিশ্বৰে আটাইতকৈ ব্যয়বহুল লীগ আই পি এলৰ নিলামে নিশ্চিতভাৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। সেয়ে এই নিলামৰ প্ৰতি সমগ্ৰ বিশ্বৰ ক্ৰিকেটপ্ৰেমীয়ে উদ্বিগ্নতাৰে অপেক্ষা কৰিছে।ইতিমধ্যে নিলামৰ পূৰ্বেই ফ্ৰেন্সাইজিসমূহে মুঠ ৪৬জন খেলুৱৈক ৰিটেইন কৰিছে। প্ৰতিটো ফ্ৰেন্সাইজিয়ে বিগত সংস্কৰণত দলক প্ৰতিনিধিত্ব কৰা নিজৰ ছয়জন খেলুৱৈক প্ৰত্যক্ষ ৰিটেনচন বা ৰাইট টু মেচ (আৰটিএম)ৰ জৰিয়তে ৰিটেইন কৰিবলৈ অনুমতি পাইছিল।অৱশ্যে কেৱল কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছেহে ৬গৰাকীকৈ খেলুৱৈ ৰিটেই কৰিছিল। গতিকে দুয়োটা দলে নিলামত পোনে পোনে খেলুৱৈ ক্ৰয় কৰিব লাগিব।মুঠ ৫৭৪ গৰাকী খেলুৱৈৰ নাম এই মেগা নিলামৰ বাবে চূড়ান্ত কৰা হৈছে। অৱশ্যে এই ৫৭৪ গৰাকী খেলুৱৈৰ ভিতৰত নিলামত সৰ্বাধিক ২০৪ গৰাকী খেলুৱৈহে ক্ৰয় কৰিব পাৰিব।চূড়ান্ত তালিকাত ২ কোটি টকাৰ বেচ প্ৰাইজত ৮১ গৰাকী খেলুৱৈ, ১.৫০ কোটি টকাৰ শাখাত ২৭ গৰাকী, ১.২৫ কোটি টকাৰ শাখাত ১৮ গৰাকী আৰু ১ কোটি টকাৰ শাখাত ২৩ গৰাকী খেলুৱৈৰ নাম তালিকাভুক্ত কৰা হৈছে। এই নিলামত স্বাভাৱিকতেই ঋষভ পণ্ট, কে এল ৰাহুল, শ্ৰেয়স আয়াৰ, জ’ছ বাটলাৰৰ দৰে তাৰকা খেলুৱৈৰ ওপৰত সকলোৰে দৃষ্টি থাকিব। আই পি এল ২০২৫ৰ মেগা নিলাম আজি, ২৪ নৱেম্বৰ আৰু কাইলৈ, ২৫ নৱেম্বৰত বিয়লি ৩:৩০ বজাৰ পৰা আৰম্ভ হ’ব।
বহু দিনীয়া অপেক্ষাৰ আজি অন্ত পৰিব
