পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ

জম্মু-কাশ্মীৰৰ বুডগাম জিলাৰ মাগামৰ মাঝামা অঞ্চলত সংঘটিত হৈছে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা। উপত্যকাটোত বাস কৰা প্ৰব্ৰজিত শ্ৰমিকক লক্ষ্য কৰি পুনৰ সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলায়। এই আক্ৰমণত আহত হৈছে দুজন শ্ৰমিক। আহত শ্ৰমিক দুজনক উত্তৰ প্ৰদেশৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে।সন্ত্ৰাসবাদীৰ গুলীচালনাৰ পিছতে আহত দুয়োজন শ্ৰমিকক লগে লগে ঘটনাস্থলীৰ সমীপৰে এখন চিকিৎসালয়লৈ লৈ যায়। সম্প্ৰতি আহত দুয়োজন শ্ৰমিকৰ স্বাস্থ্যৰ অৱস্থা সংকটমুক্ত বুলি জানিব পৰা গৈছে।সন্ত্ৰাসবাদীৰ এনে আক্ৰমণত কোনোমতে প্ৰাণ ৰক্ষা পৰা আহত শ্ৰমিক দুজনক উছমান আৰু সঞ্জয় বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে সদৰী কৰা মতে, দুয়োজন শ্ৰমিকেই উত্তৰ প্ৰদেশৰ বাসিন্দা।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *