‘ডানাই’ চলাব সংহাৰী

আহি আছে ঘূৰ্ণী বতাহ ‘ডানা’, অসমৰ ১৪ জিলাত য়ালো এলাৰ্ট জাৰি…বংগোপ সাগৰত উৎপত্তি হোৱা ডানাই ইতিমধ্যে লৈছে ভয়ংকৰ ৰূপ। ২৪ অক্টোবৰৰ সন্ধিয়াৰ পৰা ২৫ অক্টোবৰৰ পুৱাৰ ভাগলৈ সাগৰীয় ঘূৰ্ণী বতাহ ডানাই প্ৰতি ঘন্টাত ১২০ কিলোমিটাৰ বেগেৰে ওড়িশাৰ পুৰি আৰু পশ্চিম বংগৰ সাগৰ দ্বীপৰ মাজত কোবাই যাব পাৰে।এই ডানাৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিম বংগ আৰু ওড়িশাৰ বহু শিক্ষানুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে। ৰে’লৰ লগতে বাতিল হৈছে বিমান সেৱা। ডানাৰ ফলত পশ্চিম বংগ আৰু ওড়িশাত সৰ্বাধিক প্ৰভাৱ পৰিব। ইতিমধ্যে ইয়াৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ।আজি গুৱাহাটীকে ধৰি ১৪ খন জিলাৰ বাবে বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে য়ালো এলাৰ্ট। এই জিলা কেইখন- ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, পশ্চিম কাৰ্বি আংলং, হোজাই, কাৰ্বি আংলং, ডিমা হাচাও ,কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *