ড্ৰাগছৰ বৃহৎ অভিযান

দেশৰ সৰ্বপ্ৰান্তত চলিছে ড্ৰাগছ বিৰোধী অভিযান। মাৰাত্মক ড্ৰাগছৰ প্ৰচলন ৰোধ কৰাৰ বাবে তীব্ৰ অভিযানত নামি পৰিছে প্ৰশাসন। কিন্তু প্ৰশাসনৰ চকুত ধূলি দি অসাধু চক্ৰই এতিয়াও চলাই আছে এই মাৰাত্মক ড্ৰাগছৰ চোৰাং বেহা। মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত এইদৰেই প্ৰশাসনৰ চকুত ধূলি দি চলি আছিল ড্ৰাগছৰ এক কাৰখানা। আজি এক অভিযানত উৎখাত কৰা হৈছে এই কু-চক্ৰটোক। ভূপালৰ কাটাৰা হিলছ থানাৰ বাগ্ৰোডা অঞ্চলৰ এটা কাৰখানাত অভিযান চলাই এণ্টি টেৰ’ৰ স্কোৱাড (এ টি এছ) আৰু নাৰ্কটিকছ কণ্ট্ৰ’ল ব্যুৰোৱে অভিযান চলাই লাভ কৰিছে বৃ্হৎ সাফল্য।অভিযানত প্ৰশাসনিক দলটোৱে ৯০৭ কিলোগ্ৰাম এম ডি ড্ৰাগছ উদ্ধাৰ কৰিছে। এই বৃ্হৎ পৰিমাণৰ ড্ৰাগছখিনিৰ দাম প্ৰায় ১৮১৪ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *