মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বিচাৰি দুবছৰে হায়ৰাণ সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ নেতৃত্ব

“ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ প্ৰতি প্ৰদৰ্শন কৰা প্ৰেম প্ৰকৃততে এখন নাটকহে ৷ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰন, ৰাজনৈতিক অধিকাৰকে ধৰি জনগোষ্ঠীটোৰ বিভিন্ন প্ৰাপ্য অধিকাৰৰ বাবে কেইবা দশক ধৰি সংগ্ৰাম অব্যাহত ৰখা সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ মুখ্য কাৰ্যালয় বীৰ চিলাৰায় ভৱনটো ২০২২ চনৰ ১ মাৰ্চ তাৰিখে শিল সাঁকো বিলৰ উচ্চেদৰ অংশ হিচাপে বিনা বাধাই ভাঙি পেলোৱাৰ পিছত চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি যোৱা দুবছৰে চিলাৰায় ভৱন নিৰ্মাণৰ বাবে আবন্টন নিদিলে প্ৰয়োজনীয় ভূমি ৷ কেৱল এইয়াই নহয়, সন্মিলনীৰ নেতৃত্বই যোৱা দুবছৰে মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বিচাৰি বিচাৰি ভাগৰি পৰিল। সত্তৰ লক্ষাধিক জনসংখ্যাৰ এটা সৰ্ববৃহৎ জনগোষ্ঠীৰ আবেগ অনুভূতিক সন্মান প্ৰদৰ্শন কৰিবলৈ কিঞ্চিতো প্ৰয়োজনীয়তা অনুভৱ নকৰিলে ৷” — এই মন্তব্য সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ উপ সভাপতি খগেন্দ্ৰজিৎ ঠাকুৰেয়া  আৰু সাধাৰণ সম্পাদক ৰণাদিত্য কুমাৰ বৰ্মনৰ ৷ সোমবাৰে দিছপুৰ প্ৰেছ ক্লাৱত সম্বাদমেল সম্বোধন কৰি সন্মিলনীৰ নেতাদ্বয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মন্ত্ৰী সভাৰ কেইবাজনো সদস্যই কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি প্ৰদৰ্শন কৰা অসৌজন্যতাক ক্ষুৰধাৰ সমালোচনা কৰে ৷ সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে আমিনগাৱৰ চিলাৰায় উদ্যানত পালন কৰি অহা “ চিলাৰায় দিৱস” ৰ কাৰ্য্যসূচীলৈ কেইবাবাৰো  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক নিমন্ত্ৰণ জনোৱাৰ পিছতো মুখ্যমন্ত্ৰী গৰাকীয়ে নিমন্ত্ৰণ ৰক্ষা কৰি বীৰ জনাৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰিবলৈ ইচ্ছা নকৰাটোৱে কি সূচাইছে সেইয়া সকলোৱে বুজি পাইছে ৷

অথচ কেন্দ্ৰীয়ভাৱে আয়োজন কৰা এই দিৱসৰ পূৰ্বৰ চৰকাৰী কাৰ্য্যসূচী সমূহত প্ৰয়াত মুখ্যমন্ত্ৰী  তৰুণ গগৈ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে  অংশ গ্ৰহণ কৰি জনগোষ্ঠীটোৰ প্ৰতি শ্ৰদ্ধা আৰু আন্তৰিকতা প্ৰদৰ্শন কৰিছিল ৷”  দুই প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি থকা  সেই শ্ৰদ্ধা আৰু সৌজন্যতাবোধৰ কথা উল্লেখ কৰি ঠাকুৰীয়া আৰু বৰ্মনে কয় যে বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ অহমিকাক কোচ ৰাজবংশী জনগোষ্ঠীয়ে বৰ বেছি দিনলৈ সহ্য নকৰিব ৷ আনহাতে কেন্দ্ৰত কংগ্ৰেছ  চৰকাৰৰ সদিচ্ছাত ১৯৯৬ চনত কোচ ৰাজবংশী জনগোষ্ঠীক অনুসূচিত  জনজাতিৰ তালিকাভুক্ত কৰিবলৈ অধ্যাদেশ জাৰি কৰাৰ পিছত পৰৱৰ্তী বিজেপি চৰকাৰে কোনো সদিচ্ছা নেদেখুৱালে ৷ বৰঞ্চ অটল বিহাৰী বাজপেয়ীৰ আমোলত জনজাতিকৰনৰ বাবে কেন্দ্ৰই চেষ্টা নকৰিলে ৷ সেই বঞ্চনা অব্যাহত থাকিল নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰত ২০১৪ চনত বিজেপি মিত্ৰজোটৰ চৰকাৰৰ দিনটো৷”নেতা দুজনে কয় যে স্বয়ং নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে অসমৰ মাটিত ভৰি দি জনজাতিকৰন কৰা হ’ব বুলি বাৰম্বাৰ প্ৰতিশ্ৰুতি দিও তাক পালন নকৰিলে ৷

নেতা দুজনে  কয় — “  সৰ্ববৃহৎ খিলঞ্জীয়া জনগোষ্ঠী কোচ ৰাজবংশীসকলে জনজাতিৰ মৰ্যাদাৰ পৰা বঞ্চিত হোৱাৰ বাবেই সামগ্ৰীক উন্নয়নৰ দিশত অগ্ৰসৰ হোৱাত প্ৰতিবন্ধকতা আহি পৰিছে। ৰাজনৈতিক দলসমূহে ক্ষমতা লাভৰ লগে লগে পাহৰি যায় কোচ ৰাজবংশী জনগোষ্ঠীক । জনগোষ্ঠীটোৰ বিভিন্ন দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণৰ বাবে সময়ে সময়ে কৰি অহা আন্দোলন – প্ৰতিবাদ- ধৰ্ণাক অদ্যপৰিমিত চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই ৷ কোচ ৰাজবংশী জনগোষ্ঠীক  জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা, চচলত ভাঙি পেলোৱা সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ মুখ্য কাৰ্যালয় “চিলাৰায় ভৱন” নতুনকৈ  নিৰ্মাণৰ বাবে ভূমি আবণ্টন দিয়া, মিছন ভূমিপুত্ৰৰ দ্বাৰা দিয়া অ’বিচি প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত সংঘটিত অবাধ দুৰ্নীতি আৰু বেমেজালি বন্ধ কৰি সন্মিলনীক সম্পূৰ্ণ চিনাক্তকৰণৰ দায়িত্ব অৰ্পণ কৰা, ৰূপসী বিমানবন্দৰৰ নাম বাহাল ৰখাৰ লগতে বিটিআৰ- ৰাভা হাচং- ট্ৰাইবেল ব্লক এণ্ড বেল্টত বসবাস কৰা কোচ ৰাজবংশী লোকৰ ভূমি অধিকাৰ আৰু সকলো সাংবিধানিক অধিকাৰ সুনিশ্চিত কৰি নুতুলিলে আগন্তুক দিনত বিজেপি দল তথা চৰকাৰে পস্তাব লাগিব ৷”

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *