বানৰ তাণ্ডৱ বাংলাদেশত

প্ৰকৃতিৰ ৰোষত পৰিছে বাংলাদেশ। শেহতীয়াকৈ বানে তাণ্ডৱৰ সৃষ্টি কৰিছে বাংলাদেশৰ দক্ষিণ-পূব অঞ্চলত। বানৰ ফলত অঞ্চলটোৰ বিদ্যুৎ সেৱাৰ বিস্তৰ ক্ষতিসাধন হৈছে। বানৰ কবলত পৰা ৯ খন জিলাৰ মুঠ ৯ লাখ ২৮ হাজাৰ লোক বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। এই প্ৰলয়ংকাৰী বানৰ ফলত ১৮ জন লোকৰ মৃত্যু হোৱা বুলি খবৰ প্ৰকাশ পাইছে।বানৰ এনে প্ৰলয়ংকাৰী ৰূপৰ প্ৰতি লক্ষ্য ৰাখি কৰ্তৃপক্ষই বানপীড়িতসকলৰ বাবে ৩,১৭৬ টা আশ্ৰয়স্থল মুকলি কৰিছে। আনহাতে ৬৩৯ টা চিকিৎসা দলো মোতায়েন কৰিছে কৰ্তৃপক্ষই। বানপানীৰ ফলত দক্ষিণ-পূব বাংলাদেশৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। দেশৰ ১১খন জিলাৰ ৭৭টা ব্লকত অব্যাহত থকা বানপানীৰ ফলত ১৮ জন লোকৰ মৃত্যু হৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *