বৰপেটাৰ বৰ্ণিল কুমাৰ দাসৰ সাফল্য

86

তেজপুৰত অনুষ্ঠিত হোৱা ৭বছৰ অনুৰ্ধ্ব, ১১ বছৰ অনুৰ্ধ্ব, ১৫ বছৰ অনুৰ্ধ্ব শাখাৰ সদৌ অসম আন্তজিলা দবা প্ৰতিযোগিতাত বৰপেটাৰ বৰ্ণিল কুমাৰ দাস ১৫ বছৰ অনুৰ্ধ্ব ল’ৰাৰ শাখাত চেম্পিয়ন হবলৈ সক্ষম হয়।

বৰ্ণিল কুমাৰ দাস বৰপেটা চেণ্ট পল বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ। উল্লেখ্য যে,ময়ুৰী-দুৱৰী দবা অনুশীলন কেন্দ্ৰ(চন্দন কুমাৰ দাসৰ ঘৰ)ত বৰ্ণিলে ৰাতি নিয়মীয়াকৈ দবা অনুশীলন কৰিছিল।

বৰ্ণিলৰ সফলতাৰ বাবে পিতৃ-মাতৃ, খুড়া , ককা-আইতাৰ অৰিহণা আছে। বৰ্ণিলৰ কৃতিত্বত বিভিন্নজনে শুভেচ্ছা জনাইছে চেণ্ট পল বিদ্যালয়ৰ অধ্যক্ষক।