মণিপুৰত বৃহৎ প্ৰতিবাদ

81

অসমত হোৱা এনকাউণ্টাৰৰ প্ৰতিবাদ জনাই অসম আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে মাৰ আৰু কুকিসকলে ৷ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ লগতে অসম আৰক্ষীৰ বিৰুদ্ধেও সাব্যস্ত কৰা প্ৰতিবাদত কঁপি উঠিল অশান্তজৰ্জৰ মণিপুৰৰ ভূমি ৷ উল্লেখ্য যে, কাছাৰৰ ভূৱন পাহাৰত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংৰ্ঘষ সংঘটিত হৈছিল ৷ এই গুলীয়াগুলীত তিনি মাৰ যুৱকৰ মৃত্যুৰ ঘটিছিল ৷ এই ঘটনাৰ পাচতে উত্তপ্ত হৈ পৰিছিল কাছাৰ ৷ কাছাৰৰ পাছত এইবাৰ মণিপুৰত আৰম্ভ হৈছে অসম আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ ।অসম আৰক্ষীয়ে তিনি নীৰিহ মাৰ যুৱকক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি মণিপুৰৰ জিৰিবামত মাৰ আৰু কুকিসহ বিভিন্ন লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । হাতে হাতে প্লে’কাৰ্ড লৈ অসম পুলিচ হায় হায়, ভুৱা এনকাউণ্টাৰ বন্ধ কৰক, We want justice কে ধৰি বিভিন্ন শ্ল’গান দি প্ৰতিবাদস্থলী উত্তপ্ত কৰি তোলে প্ৰতিবাদকাৰীয়ে ।