দিছপুৰ প্ৰেছ ক্লাবত স্বাস্থ্য পৰীক্ষা শিবিৰ

112

২৮ জুলাইত হায়দৰাবাদৰ যশোদা হাস্পতালৰ উদ্যোগত আৰু দিছপুৰ প্ৰেছ ক্লাবৰ সহযোগত প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত সাংবাদিক/ফটো সাংবাদিক/ ভিডিঅ’ সাংবাদিকৰ বাবে এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হৈছে।

এই চিকিৎসা শিবিৰত উপস্থিত থাকিব যশোদা হাস্পাতালৰ Gastroenterologist আৰু Hepatologist বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডাঃ কে, সোমাশেখৰ ৰাও।
অনুষ্ঠানটোত সহযোগ কৰিছে আলট্ৰা কেয়াৰ ডাইগোনেষ্টিকে।

দিনৰ দহ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত পঞ্চাছ জন সাংবাদিকৰ স্বাস্থ্য পৰীক্ষা কৰা হ’ব।
এই স্বাস্থ্য পৰীক্ষা শিবিৰত স্বাস্থ্য পৰীক্ষা কৰিব বিচৰা সাংবাদিক/ফটো সাংবাদিক/ভিডিঅ’ সাংবাদিকক ৯৭০৬১-৪৩৮৮৯ নম্বৰত যোগাযোগ কৰি নিজৰ নাম পঞ্জীয়ন কৰাৰ বাবে আহ্বান জনাইছে প্ৰেছ ক্লাবৰ সভাপতি ড° নৰেন হাজৰিকা, কাৰ্যকৰী সভাপতি আৰ্জেদ হুচেইন চহৰীয়া আৰু সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে।