পুনৰ জব্দ নিচাজাতীয় সামগ্ৰী

81

চুবুৰীয়া ৰাজ্য মিজোৰামত বুজন পৰিমাণৰ হেৰ’ইন আৰু নিচাজাতীয় মেথামফেটামাইন সামগ্ৰী জব্দ কৰা হৈছে।

গোপন তথ্যৰ ভিত্তিত চি আই ডিয়ে খাওজল জিলাৰ ডুলটে ভিলেজ এলেকাত অভিযান চলাই জব্দ কৰে নিচাজাতীয় সামগ্ৰীখিনি।

ত্ৰিপুৰা ৰাজ্যৰ পঞ্জীয়ণ ভুক্ত এখন বলেৰ’ বাহনত তালাচী চলাই ১৪.০৮২ কেজি সন্দেহযুক্ত মেথামফেটামাইন আৰু ২.৮০৪ কেজি হেৰ’ইন জব্দ কৰিছে চি আই ডিয়ে।

হেৰ’ইনখিনি ১৯১টা চাবোনৰ বাকচৰ পৰা জব্দ কৰা হয়।

TR 05 C- 1813 নম্বৰৰ বাহনখনৰ পৰা গোপন চেম্বাৰৰ পৰা জব্দ কৰা হয় বুজণ পৰিমাণৰ এই নিচা জাতীয় সামগ্ৰীখিনি।

জব্দ কৰা নিচা জাতীয় সামগ্ৰীখিনিৰ মূল্য কেইবা কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে।