অন্ধ্ৰ প্ৰদেশক ১৫,০০০ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা নিৰ্মলা সীতাৰমণৰ

90

নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ পূৰ্ণাংগ বাজেটখন মঙলবাৰে পুৱা সংসদ ভৱনত উত্থাপন কৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে। বাজেট ভাষণৰ সময়ত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে অন্ধ্ৰ প্ৰদেশক ১৫,০০০ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।

নিৰ্মলা সীতাৰমণে কয় যে বিহাৰে পথ প্ৰকল্পৰ বাবে ২৬ হাজাৰ কোটি টকাৰ পেকেজ লাভ কৰিব, আনহাতে ২১ হাজাৰ কোটি টকাৰ এটা বিদ্যুৎ প্ৰকল্পও তেঁওলোকৰ বাবে ঘোষণা কৰা হৈছে। উল্লেখ্য যে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ টিডিপিয়ে সাধাৰণ নিৰ্বাচনত ১৬ খন আসন লাভ কৰিছিল।

আনহাতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ জেডি(ইউ) ১২ খন আসন লাভ কৰিছিল। এই দুয়োটা দল এনডিএৰ অংশীদাৰ। এই দুটা দলৰ সমৰ্থনত নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰলৈ চৰকাৰ গঠন কৰিছে।