ভাৰতীয় শিক্ষণ মণ্ডলৰ স্মাৰক বক্তৃতা সম্পন্ন

41

উত্তৰ অসম প্ৰান্তৰ সভাপতি ড° নীলমোহন ৰায়ৰ পৌৰোহিত্যত অনুষ্ঠিত এই মহতী অনুষ্ঠান দীপ প্ৰজ্জ্বলন আৰু  দীপমন্ত্ৰেৰে আৰম্ভ কৰা হয়৷  সভাত মুখ্য অতিথিৰূপে বিনায়কজীৰ স্মৃতিচাৰণ কৰে ৰাঃস্বঃসংঘৰ অসমক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰান্তমন্ত্ৰী দীপক কুমাৰ শৰ্মাই আৰু নিৰ্দিষ্ট বক্তাৰ চমু পৰিচয় আগবঢ়ায় ড° সমীৰ সৰকাৰে৷

‘ভাৰতবোধ: এক প্ৰত্যাহ্বান’-শীৰ্ষক স্মাৰক বক্তৃতা প্ৰদান কৰে বিশিষ্ট সাংবাদিক ,লেখক প্ৰফুল্ল কেতকাৰে৷ প্ৰায় আঢ়ৈশ শ্ৰোতাই তেওঁৰ বক্তৃতা শুনি মন্ত্ৰমুগ্ধ হৈ পৰে৷ সভাত বৈদিক সূক্ত পৰিবেশন কৰে নাৰায়ণী ৰায় আৰু বেলা ধৰে৷ সংগঠনৰ ধ্যেয়মন্ত্ৰ আৰু ধ্যেয়বাক্য পাঠ কৰে ক্ৰমে মীনা কুমাৰী মণ্ডল আৰু দুৰ্লভ চন্দ্ৰ পালে৷ ড° সুদেষ্ণা ভট্টাচাৰ্যই গায় কল্যাণমন্ত্ৰ ৷

ভাৰতীয় শিক্ষণ মণ্ডল,উত্তৰ অসম প্ৰান্তৰ সভাপতি ড° নীলমোহন ৰায়ে শলাগৰ শৰাই আগবঢ়োৱাৰ অন্তত  সমবেত কণ্ঠত গোৱা বন্দেমাতৰমৰ দ্বাৰা সভা সমাপ্ত কৰা হয় বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে ৷