দাৰুল হিকমাহ একাডেমীৰ অভিভাৱক সভা

54

কয়াকুছিস্থিত দাৰুল হিকমাহ একাডেমীৰ এখন অভিভাৱক সভা  অনুষ্ঠিত হৈ যায়।  ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ মাজৰ যি গুৰু শিষ্যৰ সম্পৰ্ক সেই সন্দৰ্ভত বিচ্যুতি হোৱা বুলি উদ্বেগ প্ৰকাশ কৰে উপস্থিত বিশিষ্ট ব্যক্তিসকলে । বিশিষ্ট সাংবাদিক ছাহেদ আলী আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ পৰিধি বিকাশ সন্দৰ্ভত বিশদভাৱে বক্তব্য  আগবঢ়ায় কয়াকুছি মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহযোগী অধ্যাপক ড ০ হান্নান আলী আহমেদৰ লগতে বিশিষ্ট সাংবাদিক তথা কয়াকুছি প্ৰেছ এচোছিয়েশ্যনৰ সভাপতি আব্দুল জলিলে ।

সভাখনত উপস্থিত বিশিষ্ট ব্যক্তিসকলে বিদ্যালয়ৰ পৰিৱেশ তথা  ছাত্ৰ-শিক্ষক আৰু অভিভাৱকৰ সম্পৰ্কই শিশুৰ বিকাশত অৰিহণা যোগাব বুলি মন্তব্য প্ৰকাশ কৰে। সভাখনত দাৰুল হিকমাহ একাডেমীৰ পৰিচালন সঞ্চালক তথা অধ্যক্ষই অভিভাৱকৰ সহায় সহযোগিতাৰ জৰিয়তে বিদ্যালয়খন শিক্ষাৰ ক্ষেত্ৰত কয়াকুছি অঞ্চলত বলিষ্ঠ ভুমিকা ল’বলৈ সক্ষম হোৱা বুলি মন্তব্য প্ৰকাশ কৰে ।

ইপিনে বিদ্যালয়খনক অসম চৰকাৰৰ শিক্ষা পঞ্জীয়ন প্ৰদান কৰাত একাডেমীৰ অধ্যাক্ষ ই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে আৰু শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ কোনো দিশত অসুবিধা নহব বুলি উল্লেখ কৰে ।  কয়াকুছিত ইংৰাজী মাধ্যমৰ কেবাখনো বিদ্যালয় আছে যদিও দাৰুল হিকমাহ একাডেমীয়ে পুঁথিগত শিক্ষাৰ উপৰিও সাধাৰণ জ্ঞানৰ বিকাশৰ বাবে বিশেষ পদক্ষেপ লোৱাত অভিভাৱক সকলে সন্তুষ্টি প্ৰকাশ কৰে ।