শ্ৰমিকৰ প্ৰতিবাদত উত্তাল বামুণপুখুৰী আৰু হাতীপটি চাহ বাগিচা

98

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নাজিৰাৰ বামুণপুখুৰী আৰু হাতীপটি বাগিচাত চাহ শ্ৰমিকৰ প্ৰতিবাদত | নিজ নিজ বাগানত আজি শ্ৰমিকৰ বিভিন্ন সমস্যা সন্দৰ্ভত এই প্ৰতিবাদ চাহ শ্ৰমিকৰ | য’ত বাগিচা মেনেজমেণ্টেও শ্ৰমিকক সহযোগ আগবঢ়াই | মেকিপুৰস্থ KANCO TEA & INDUSTRIES LIMITEDৰ মুখ্য কাৰ্যালয়ৰ অধীনত থকা এই সমূহ বাগিচা পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা দেখা গৈছে |

আনহাতে সমস্যা সমাধানৰ দাবীৰে বামুণপুখুৰী আৰু হাতীপটি বাগিচাৰ পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী কৰাৰ অন্তত বাগিচা সমূহৰ পৰিচালক হাতত দাবীৰ স্মাৰক পত্ৰ প্ৰদান কৰে |

লগতে বামুণপুখুৰী চাহ বাগিচাৰ মুখ্য পৰিচাল উমেশ কুমাৰ তিৱাৰীয়ে শ্ৰমিকৰ স্মাৰক পত্ৰ গ্ৰহণ কৰি সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে | বাগিচা সমূহৰ নানা ধৰণৰ সমস্যা সন্দৰ্ভত এই প্ৰতিবাদ চাহ শ্ৰমিকৰ, পৰিচালকক স্মাৰক পত্ৰ প্ৰদান কৰে |