খাবলাৰভিঠাত  মাদকদ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা

73

পাকাবেতবাৰী বিধানসভা সমষ্টিৰ খাবলাৰ ভিঠা মাধ্যমিক বিদ্যালয় প্ৰাংগণত ক্ৰমে খাবলাৰ ভিঠা,চকিৰ ভিঠা,বুনবাহাৰ,কমলপুৰ আদি অঞ্চলৰ ৰাইজৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত হয়।অৱসৰপ্ৰাপ্ত শিক্ষক ছিদ্দিকুৰ ৰহমানৰ সভাপতিত্বত আৰু খাবলাৰ ভিঠা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক আমিনুল ইছলামৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত সভাখনত প্ৰায় চাৰি শতাধিক সচেতন ৰাইজ উপস্থিত থাকে।

উল্লেখ্য যে,বৰ্তমান সময়ত যুৱ সমাজে   বিভিন্ন অসামাজিক কাৰ্য তথা বিষাক্ত মাদকদ্ৰব্যৰ প্ৰতি আষক্ত হোৱা পৰিলক্ষিত হৈছে। আনকি গাওঁ সমূহত অবাধে ড্ৰাগছ,মদ,ভাং আদি কৰি বিভিন্ন নিচাজাতীয় দ্ৰব্যৰ লগতে একাংশ যুৱতীয়ে দেহ ব্যাৱসায় কাৰ্যত লিপ্ত হোৱাত উপস্থিত বিশিষ্ট ব্যক্তিসকলে  উদ্বেগ প্ৰকাশ কৰাৰ লগতে  এইক্ষেত্ৰত প্ৰশাসনৰ ভূকিকাক ৰহস্যজনক বুলি মত প্ৰকাশ কৰে।

সভাখনত উপস্থিত থাকি হৰেন্দ্ৰ চিত্ৰা ছিনিয়ৰ ছেকণ্ডাৰী বিদ্যালয়ৰ বিষয় শিক্ষক মনোৱাৰ হুছেইন,সমাজকৰ্মী কলিমুদ্দিন,ময়নুল হক খান,মধ্যবেতবাৰী গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি দেৱান মোশাৰফ হুছেইন, জন কল্যাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আবুল পাশান দেৱান আদিকে  কৰি স্থানীয় মুখিয়াল ব্যক্তিসকলে সভাত অংশগ্ৰহণ কৰি বিষয়বস্তৰ ওপৰত তথ্য সমৃদ্ধ গাম্ভীৰ্যপূৰ্ণ ভাষন প্ৰদান কৰে ।