নগাঁৱত APDCL ৰ স্মাৰ্ট মিটাৰৰ নামতো সক্ৰিয় হৈ পৰিছে দালাল চক্ৰ

68

নগাঁৱত APDCL ৰ স্মাৰ্ট মিটাৰৰ নামতো সক্ৰিয় হৈ পৰিছে দালাল চক্ৰ।

নগাঁৱৰ পুৰণিগুদাম আৰক্ষীৰ জালত পৰিল কোম্পানীৰ নাম লৈ গ্ৰাহকৰ পৰা টকা লৈ স্মাৰ্ট মিটাৰ সংযোগ কৰিব অহা দুই দালাল।

নগাঁৱৰ পুৰণিগুদামৰ দেউৰী গাঁৱৰ কেইবাজনো লোকৰ ঘৰত চুৰি কৰি অনা স্মাৰ্ট মিটাৰ তিনি,চাৰি হাজাৰ টকাকৈ লৈ লগাই আছিল আৰু সেই সময়তে আৰক্ষীয়ে হাতে লুটে ধৰে দুই দালালক।

মিটাৰ যোগান ধৰা কোম্পানীৰ পৰা চুৰি কৰি অনা স্মাৰ্ট মিটাৰ ধৃত দুই দালালে পুৰণিগুদামৰ বিভিন্ন গাঁৱৰ লোকক ধনৰ বিনিময়ত যোগান ধৰি মুনাফা লুটি আহিছিল ।

ভাস্কৰ জ্যোতি শৰ্মা আৰু জনৈক ৰহমান নামৰ দুয়ো দালাকক চামগুৰি বিদ্যুত উপ সংমণ্ডলৰ বিষয়াৰ এজাহাৰৰ ভিত্তিত নিশা আটক কৰাৰ পাছত পুৰণিগুদাম আৰক্ষী চকীত জেৰা অব্যাহত ৰাখিছে দুই দালালক।