দ্ৰুত দবাত শীৰ্ষত  চন্দন কুমাৰ দাস

67

গোৱালপাৰাত অনুষ্ঠিত সদৌ অসম মুকলি দ্ৰুত দবা চেম্পিয়নশ্বিপত তৃতীয় স্থান দখলৰ কৃতিত্ব অৰ্জন কৰাৰ পিছত এইবাৰ ২০ জুনত গুৱাহাটীত ৰাজ্য তথা দেশৰ ভিন্ন প্ৰান্তৰ দবাৰুৱে অংশগ্ৰহণ কৰা মুকলি দ্ৰুত দবা চেম্পিয়নশ্বিপত বৰপেটাৰ  চন্দন কুমাৰ দাসে জ্যেষ্ঠ শাখাত শ্ৰেষ্ঠত্ব অৰ্জন কৰি খিতাপ আজুৰি পুনৰ বৰপেটালৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে।

 ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগ আৰু অসম ৰাজ্যিক জাৰ্ণেলিষ্ট ইউনিয়ন চমুকৈ ‘আজু’ৰ উদ্যোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উপলক্ষে গুৱাহাটীৰ দিছপুৰস্থ ভুৱনেশ্বৰী ফুকননী ইন্দোৰ ষ্টেডিয়ামত আয়োজন কৰা এদিনীয়া মুকলি দ্ৰুত দবা প্ৰাইজমানি চেম্পিয়নশ্বিপত চন্দনে ভেটাৰেণ শাখাত শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হৈ নগদ ধনৰ লগতে মেডেল অৰ্জন কৰিবলৈ সক্ষম হয় ।

লক্ষনীয়ভাৱে চন্দনে আপেন কেটেগৰী শাখাতো অংশগ্ৰহণ কৰি পূৰ্ণ প্ৰতিদ্বন্দিতা আগবঢ়াইছিল বুলি জানিব পৰা গৈছে ।